Friday, May 17, 2024

হেপাহৰ ৰঙালী বিহু পদূলি মুখত ৰঙালী বিহুক আদৰিবলৈ সকলোৱে উখল মাখল লগাইছে ।

Share

বৰহমথুৰি বিহু প্ৰশিক্ষণ কেন্দ্ৰৰ উদ্যোগত পলাশতল কাছমাৰী হাইস্কুলৰ খেলপথাৰত ১০ দিনীয়াকৈ ২৮ মাৰ্চৰ পৰা অনুষ্ঠিত হোৱা আজি সামৰণি পৰিলে । অসমীয়া থলুৱা সংস্কৃতি বিশ্ব দৰবাৰ নিয়াৰ ক্ষেত্ৰত বৰহমথুৰি বিহু প্ৰশিক্ষণৰ প্ৰচেষ্টাত চলাই থাকে। এই বিহু কৰ্মশালাত প্ৰায় ২৫০ জনী নাচনীয়ে অংশগ্ৰহণ কৰে। ঢোলৰ প্ৰশিক্ষণ প্ৰদান কৰিছে ঢুলীয়া কমলজিৎ দত্ত আৰু প্ৰশিক্ষণ প্ৰদান কৰিছে গ্ৰিনীজ ৱৰ্ল্ড ৰেকৰ্ড প্ৰশিক্ষক জাগৃতী কলিতা । আজি অন্তিম দিনা অতিথি হিচাপে উপস্থিত থাকে শিল্পী সাধনা বঁটা প্ৰাপ্ত অনুপ কুমাৰ বৰুৱা,কাছমাৰী পঞ্চায়ত প্ৰাক্তন সভাপতি পংকজ বৰা, নগাঁওৰ জ্যেষ্ঠ সাংবাদিক প্ৰাঞ্জল নাথ আৰু স্থানীয় ব্যক্তি সকল উপস্থিত থাকে।

নগাঁওৰ পৰা তৈয়াবুৰ ৰহমানৰ প্ৰতিবেদন।

Read more

Local News