Friday, May 17, 2024

বিশ্বজুৰি মেলেৰিয়াৰ বিৰুদ্ধে যুঁজিবলৈ WHO-এক নৱ অভিলাষী কৌশল আৰম্ভ কৰা দেখা গৈছে

Share


বিশ্ব মেলেৰিয়া দিৱসৰ পূৰ্বে বা আগতে প্ৰকাশ কৰা এই কৌশল ব্যৱহাৰ কৰি মেলেৰিয়াৰ ৰোগৰ ধাৰা আৰু ৰোগৰ বিৰুদ্ধে যুঁজত জয়ী হবলৈ বিশ্বব্যাপী লক্ষ্যত উপনীত হবলৈ দিব।

এক প্ৰতিবেদনত বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰচেষ্টা কেন্দ্ৰীভূত কৰিবলৈ চাৰিটা কৌশলগত লক্ষ্য চিনাক্ত কৰা হৈছে। ইয়াৰ ভিতৰত নীতি আৰু মানদণ্ড স্থাপন কৰা, উদ্ভাৱন আৰু নতুন সঁজুলিৰ প্ৰৱৰ্তন কৰা, সৰ্বোচ্চ প্ৰভাৱৰ বাবে কৌশলগত তথ্যৰ লাভ উঠা, আৰু মেলেৰিয়াৰ বিশ্বব্যাপী সঁহাৰিৰ ক্ষেত্ৰত কাৰিকৰী নেতৃত্ব গ্ৰহণ কৰা আদি অন্তৰ্ভুক্ত কৰা হৈছে।

পূৰ্বৰ অগ্ৰগতিৰ হোৱাৰ পিছতো শেহতীয়া বছৰবোৰত বিশেষকৈ ৰোগৰ দ্বাৰা যথেষ্ট বোজাগ্ৰস্ত অঞ্চলসমূহত ডব্লিউ এইচ অ’ৰ গ্ল’বেল টেকনিকেল ষ্ট্ৰেটেজি ফৰ মেলেৰিয়া ২০১৬-২০৩০ত উল্লেখ কৰা জটিল লক্ষ্যসমূহৰ দিশত অগ্ৰগতিৰ স্থবিৰতা দেখা গৈছে। আচৰিত কথাটো হ’ল যে কেৱল ২০২২ চনত বিশ্বজুৰি মেলেৰিয়া সম্পৰ্কীয় প্ৰায় ৬০৮,০০০ লোকৰ মৃত্যু হৈছে আৰু ২৪.৯ কোটি নতুন মেলেৰিয়া ৰোগীৰ সংখ্যা বাঢ়ি গৈ আক এক ৰেকৰ্ড গঢ়িছে, যাৰ ফল স্বৰূপে সমগ্ৰ আফ্ৰিকাতে সৰু ল’ৰা-ছোৱালীৰ ওপৰত এক অসমতাপূৰ্ণ হাৰ আৰোপ কৰা দেখা গৈছে।

লাখ লাখ ব্যক্তিয়ে অত্যাৱশ্যকীয় মেলেৰিয়া ৰোগৰ প্ৰতিৰোধ কৰিব নোৱাৰি আৰু ধৰা পেলোৱা আৰু চিকিৎসা সেৱাৰ পৰা বঞ্চিত হোৱাৰ জটিলতাই সমগ্ৰ মেলেৰিয়া পৰিৱেশত এক অবতপূৰ্ব্ব পৰিৱৰ্তনৰ জৰুৰী প্ৰয়োজনীয়তাক আলোকপাত কৰিছে। গ্ল’বেল মেলেৰিয়া প্ৰগ্ৰেমৰ সঞ্চালক ডাঃ ডেনিয়েল ঙামিয়ে জোৰ দিয়া এই পৰিৱৰ্তনে ৰোগৰ অন্তৰ্নিহিত কাৰণসমূহৰ সৈতে মোকাবিলা কৰাৰ লগতে সুলভতা, দক্ষতা, বহনক্ষমতা, সমতা আৰু সংহতিক অগ্ৰাধিকাৰ দিব লাগিব।

কাৰ্য্যকৰী কৌশলৰ কেন্দ্ৰীয় বিষয় হৈছে চাৰিটা কৌশলগত লক্ষ্য হৈছে-

প্ৰথমতে, নীতি আৰু মানদণ্ডৰ বিকাশ কৰিব লাগিব আৰু প্ৰচাৰে প্ৰমাণক কাৰ্য্যকৰী কৌশললৈ ৰূপান্তৰিত কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা হিচাপে কাম কৰিব, দেশ আৰু অংশীদাৰসকলৰ মাজত এক ঐক্যবদ্ধ কাৰিকৰী দৃষ্টিভংগী আৰু কৌশলগত দিশ নিশ্চিত কৰিব।

দ্বিতীয়তে, নতুন সঁজুলি আৰু উদ্ভাৱনৰ বিকাশ আৰু সময়মতে প্ৰৱৰ্তনক উদ্দীপিত কৰাটো বৰ্তমানৰ অগ্ৰগতি বৃদ্ধি আৰু ৰোগে সৃষ্টি কৰা উদীয়মান ভাবুকি সমূহ প্ৰতিহত কৰাৰ বাবে অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

তৃতীয়তে, মেলেৰিয়া ৰোগৰ প্ৰৱণতা নিৰীক্ষণ আৰু মূল্যায়ন জৰিয়তে আৰু প্ৰতিবেদনৰ দ্বাৰা আৰু প্ৰভাৱৰ বাবে কৌশলগত তথ্যৰ প্ৰসাৰ বিভিন্ন পৰ্যায়ত সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াক অৱগত কৰাত সহায় কৰে আৰু অত্যাৱশ্যকীয় হস্তক্ষেপ হেৰুৱাৰ আশংকা থকা জনসংখ্যাক চিনাক্ত কৰাত এক ডাঙৰ ভূমিকা পালন কৰে।

শেষত, বিশ্বব্যাপী মেলেৰিয়াৰ সঁহাৰিৰ ক্ষেত্ৰত কাৰিকৰী নেতৃত্ব প্ৰদানৰ অন্তৰ্গত অংশীদাৰ সকলক আহ্বান কৰা, অগ্ৰাধিকাৰমূলক কাৰ্য্যকলাপৰ পোষকতা কৰা, আৰু সম্প্ৰদায় সমূহক গুণগত স্বাস্থ্য সেৱা লাভ কৰিবলৈ সবলীকৰণ কৰাত বিশ্ব স্বাস্থ্য সংস্থাৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা দেখা গৈছে।

নতুন কাৰ্য্যকৰী কৌশলটোৱে তিনিটা ইকুইটি-মুখী নীতিৰ অধীনত কাম কৰে যেনে -
প্ৰথমতে, ই দেশৰ মালিকী স্বত্ব আৰু নেতৃত্বৰ ওপৰত গুৰুত্ব পূৰ্ণ ভূমিকা আৰোপ কৰে, দেশ সমূহে নিজেই লোৱা নেতৃত্ব দিয়া সামগ্ৰিক পদ্ধতিৰ পোষকতা কৰে, পৰ্যাপ্ত বিনিয়োগ আৰু বহুখণ্ডীয় সঁহাৰিৰ সৈতে।

দ্বিতীয়তে, ই স্থিতিস্থাপক স্বাস্থ্য ব্যৱস্থাৰ গুৰুত্বৰ ওপৰত এক আলোকপাত কৰে, যিবোৰ ফলপ্ৰসূ মেলেৰিয়া সেৱা প্ৰদান আৰু উদীয়মান প্ৰয়োজনীয়তাৰ প্ৰতি সঁহাৰি জনোৱাৰ বাবে অতি প্ৰয়োজনীয় হৈ পৰে।

শেষত ই গুণগত স্বাস্থ্য সেৱাৰ সুবিধাৰ ক্ষেত্ৰত সমতাৰ নীতিৰ ওপৰত আলোকপাত কৰে, যাতে দুৰ্বল জনসাধাৰণে মেলেৰিয়াৰ হস্তক্ষেপ আৰু তথ্যৰ সমান সুবিধা লাভ কৰাটো নিশ্চিত কৰিব পাৰে।

এইবাৰৰ বিশ্ব মেলেৰিয়া দিৱসৰ বিষয়বস্তু, “অধিক সমতা পূৰ্ণ বিশ্বৰ বাবে মেলেৰিয়াৰ বিৰুদ্ধে যুঁজ ত্বৰান্বিত কৰা”ই মেলেৰিয়া সেৱাৰ সুবিধা লাভৰ ক্ষেত্ৰত সমতাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰিছে। ইয়াত ২০২৪ চনৰ মাৰ্চ মাহত আফ্ৰিকাৰ স্বাস্থ্য মন্ত্ৰীসকলে স্বাক্ষৰ কৰা ইয়াউণ্ডে ঘোষণাপত্ৰৰ আৱেগক প্ৰতিধ্বনিত কৰা দেখা গৈছে, যিয়ে মেলেৰিয়াৰ আশংকা থকা সকলো জনসংখ্যাৰ বাবে উপযুক্ত সঁজুলিৰ সামঞ্জস্যপূৰ্ণ প্ৰৱেশ নিশ্চিত কৰাৰ প্ৰতিশ্ৰুতি প্ৰধান কৰিছে, আনকি কঠিনভাৱে পোৱা আৰু সংঘাত আক্ৰান্ত অঞ্চলতো।

Read more

Local News