Friday, May 17, 2024

বাতৰি পৰিৱেশন আৰু পৰ্যালোচনাৰ এক সুকীয়া ধাৰা সৃষ্টিৰ লক্ষৰে সূৰ্য কিৰণ Always First অসমীয়া সংবাদ মাধ্যমৰ জগতত এক নৱতম সংযোজন

এখন সুষ্ঠ সমাজৰ বাবে সুষ্ঠ সংবাদ মাধ্যম অতিকে প্ৰয়োজনীয়। এই সত্যক সাৰোগত কৰিয়েই ** চনত জন্ম লাভ কৰিছিলে ‘সূৰ্যৰ কিৰণ’ নামৰ অসমীয়া বৈদ্যুতিন সংবাদ পত্ৰখনিয়ে।

সুৰ্যৰ কিৰণ এনে এক সংবাদ পত্ৰ যিয়ে সদায় সৰ্বসাধাৰণ মানুহৰ দৈনন্দিন জীৱনক প্ৰভাৱান্বিত কৰিব পৰা সৰু বৰ সকলো বাতৰি আৰু খবৰকে অগ্ৰাধিকাৰ দিয়ে। ইয়াৰ বাবে আমাৰ আছে এক অভিজ্ঞতাপুষ্ট আৰু সৰ্বদা সষ্টম পত্ৰকাৰৰ দল। আমি গুৰুত্ব দিও কাৰিকৰী কৌশল আৰু নৱ প্ৰাদ্যোগিকিৰ উচিত ব্যৱহাৰত যাতে আমি প্ৰতিপল আমাৰ দৰ্শক আৰু পঢ়ূৱৈক উন্নত মানৰ সেৱা আগবঢ়াব পাৰোঁ।

ইয়াৰ লগতে আমি গুৰুত্ব দিও নাগৰিক সংবাদকৰ্মীসকলক আৰু সদায়েই ৰাইজৰ পৰা প্ৰাপ্তি হোৱা বিভিন্ন বা-বাতৰি আমাৰ সম্পাদকীয় নীতিৰ উপযোগী হোৱাকৈ পৰিৱেশন কৰোঁ।

ইন্টাৰনেটৰ সহায়ত প্ৰতিটো মুহূৰ্ততে বিশ্বৰ বিভিন্ন প্ৰান্তত সংঘটিত হোৱা ঘটনা পৰিঘটনাৰ খবৰো মূহূৰ্তে মুহূৰ্তে আমি লৈ আহো আমাৰ দৰ্শকৰ সন্মুখলৈ। আৰু এই কাৰ্যৰ বাবে সৰ্বদা প্ৰস্তুত হৈ থাকে আমাৰ সংবাদকৰ্মীসকল।

আমাৰ লক্ষ কেৱল বাতৰি বিক্ৰীৰে অৰ্থ উপাৰ্জন নহয়, বৰঞ্চ বাতৰিৰ পিছৰ বাতৰিবোৰক এনেদৰে বিচাৰি উলিওৱা যাতে ক্ষমতাশীল চক্ৰবোৰক আমি জবাবদিহি কৰিব পাৰোঁ, ৰাইজৰ আদালতত।

সূৰ্যৰ কিৰণৰ বিষয়ে অধিক জানিবলৈ নতুবা দিহা পৰামৰ্শৰ বাবে আমাৰ সৈতে যোগাযোগ কৰক আৰু আমালৈ লেখক এই ইমেইল যোগে- news@suryyaskiran.in