Friday, May 17, 2024

ইউনিটেৰিয়ান জাতীয় বিদ্যালয়ৰ ১৯তম প্ৰতিষ্ঠা দিৱস উদযাপন

Share

 সূৰ্য্যৰ কিৰণৰ সেৱা, ৰূপহীহাট, ২১ মাৰ্চঃ নগাঁও জিলাৰ জুৰীয়া শিক্ষাখণ্ডৰ অন্তৰ্গত এক স্বকীয় শৈক্ষিক বাতাবৰণ সৃষ্টিৰে ২০০৫ চনৰ পৰা সুদীৰ্ঘ কাল অসমীয়া মাধ্যমৰ শিক্ষাৰ ক্ষেত্ৰখনত বিজ্ঞান সন্মতভাৱে অৰিহনা যোগাই অহা ইউনিটেৰিয়ান জাতীয় বিদ্যালয়ৰ প্ৰাঙ্গণত বিদ্যালয়খনৰ ১৯ তম প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় ।

ৰমজান মাহ চলি থকাৰ বাবে বিদ্যালয়খনৰ চৌহদত অধ্যক্ষ ছফিকুল ইছলাম, উপাধ্যক্ষ শ্বেখ আব্দুল্লাহ, বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, পৰিচালনা সমিতিৰ সভাপতি মিন্টু বৰদলৈ, প্ৰতিষ্ঠাপক অধ্যক্ষ তৈয়াবুৰ ৰহমান, অভিভাৱক-অভিভাৱিকা তথা ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা এক সৰ্বধৰ্ম প্ৰাৰ্থনাৰ লগতে ইফতাৰৰ জৰিয়তে প্ৰতিষ্ঠা দিৱসৰ কাৰ্য্যসূচীৰ সফল সামৰণি হয় বুলি বিদ্যালয়ৰ অধ্যক্ষ ছফিকুল ইছলামে আমাক জানিবলৈ দিয়ে ।

Read more

Local News