Sunday, November 24, 2024

স্বামীৰ মৃত্যু প্ৰমাণ পত্ৰৰ বাবে হাহাকৰ গহপুৰৰ মহিলাৰঃ নগাওঁ চিভিল হাস্পতালৰ কৰ্মচাৰীৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীলৈ অভিযোগ…

Share

সূৰ্য্যৰ কৃৰণ গহপুৰঃ এক পথ দুৰ্ঘটনাত অকাল মৃত্যুক আকোৱালি লোৱা গহপুৰৰ এগৰাকী শিক্ষকৰ পত্নীয়ে স্বামীৰ মৃত্যুৰ প্ৰমাণ পত্ৰৰ বাবে যোৱা প্ৰায় ডেৰ-দুমাহ ধৰি হাৰাশাস্তি সন্মুখীন হোৱাৰ সন্দৰ্ভত অতিষ্ঠ হৈ ইয়াৰ বিৰুদ্ধে আজি ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিছে এখন তথ্য সমৃদ্ধ অভিযোগ পত্ৰ। গহপুৰ পৌৰসভাৰ অন্তৰ্গত নিজ গহপুৰৰ বিধৱা মহিলা ৰূপা ভূঞা(৪৬)ই মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা অভিযোগ পত্ৰখনত তেওঁৰ স্বামী চন্দন ভূঞাৰ মৃত্যুৰ পিছত “মৃত্যুৰ প্ৰমাণ পত্ৰ”ৰ বাবে নগাওঁ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ সংশ্লিষ্ট কৰ্মচাৰীয়ে তেওঁক যোৱা ডেৰ-দুমাহ কেনেধৰণে হাৰাশাস্তি কৰিলে সেই বিষয়ে লিখিত আকাৰে উল্লেখ কৰিছে।


তেওঁ অভিযোগপত্ৰখনত লিখিছে যে, চলিত বৰ্ষৰ যোৱা ১০ জানুৱাৰীৰ সন্ধিয়া প্ৰায় ৫-৪৫ বজাত গহপুৰ নগৰৰ মাজমজিয়াত থকা মূল ট্ৰেফিক পইণ্টত এখন ই-ৰিস্কাৰ খুন্দাত গুৰুতৰভাবে আহত হয় তেওঁৰ স্বামী চন্দন ভূঞা। ইয়াৰ পিছত তেওঁক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ নি থকাৰ সময়ত স্বাস্থ্যৰ অৱস্থা গুৰুতৰ হোৱাত সেইদিনাই নিশা নগাঁৱৰ বৰঘাট চাৰিআলিত থকা চিমছ মাল্টিস্পেচিলিটি হাস্পতালত ভৰ্তি কৰিব লগা হয়।


উক্ত চিমছ মাল্টিস্পেচিলিটি হাস্পতালৰ আই চি ইউত চিকিৎসাধীন অৱস্থাত যোৱা ১৭ জানুৱাৰীৰ পুৱা প্ৰায় ৮:৪০ বজাত মৃত্যুক আকোৱালি লয় তেওঁৰ শিক্ষক স্বামী চন্দন ভূঞাই। ইয়াৰ পিছত সেইদিনা নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত তেওঁৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰি মৃতদেহ ঘৰলৈ লৈ অনা হয়।


তেওঁৰ মৃত্যুৰ পিছত মৃত্যুৰ প্ৰমাণ পত্ৰৰ বাবে কাষ চপা হয় ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ জন্ম-মৃত্যু পঞ্জীয়ন কক্ষৰ কৰ্মচাৰীৰ। কাৰণ নগাঁৱত মৃত্যুৰ প্ৰমাণ পত্ৰৰ বাবে ক’ত, কেনেকৈ আবেদন কৰিব লাগে সেই বিষয়ে একেবাৰে অজ্ঞ আছিল তেওঁলোক। চিকিৎসালয়খনৰ উক্ত কক্ষত থকা “দীপক” নামৰ কৰ্মচাৰীজনক চন্দন ভূঞাৰ মৃত্যুৰ স্থান সম্পৰ্কে সবিশেষ বুজাই কোৱাৰ লগতে ইয়াৰ বাবে ক’ত কেনেকৈ আবেদন কৰিব লাগিব সেই বিষয়ে সোধাত তেওঁ এখন প্ৰ-পত্ৰ পূৰণ কৰি দিবলৈ কয়। ইয়াৰ বাবে কৰ্মচাৰী জনে তেওঁৰ পুত্ৰৰ পৰা লয় নগদ ৫০০ টকাৰ খৰছ।


সেই অনুসৰি-কৰ্মচাৰীজনৰ কথা মতে যোৱা ৫ ফেব্ৰুৱাৰীত প্ৰয়োজনীয় নথি-পত্ৰসহ নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত উক্ত মৃত্যুৰ প্ৰমাণ পত্ৰৰ বাবে আবেদন কৰা হয়। প্ৰ-পত্ৰৰ লগত বৰঘাট আৰক্ষী তালাচী চকীৰ যিটো পুলিচ ৰিপ’ৰ্ট দিয়া হৈছিল তাত চন্দন ভূঞাৰ মৃত্যুৰ স্থান চিমছ মাল্টিস্পেচিলিটি হাস্পতাল বুলি স্পষ্টকৈ উল্লেখ আছিল।


প্ৰতিবেদন তৈয়াবুৰ ৰহমান, উদমাৰী, জুৰীয়া, নগাঁও (অসম)

Read more

Local News