Friday, May 17, 2024

সুগন্ধি ধনিয়াৰ অন্তৰ্নিহিত বিস্ময়কৰ গুণাৱলী

Share

আগকথা – আমাৰ ভাৰত উপ মহাদেশৰ পাকঘৰ সমূহৰ দৈনন্দিন প্ৰয়োগত ধনিয়া যেন শৰীৰত থকা আত্মাৰ সদৃশ ৷ হয় ধনিয়াৰ পাত, নহয় ধনিয়াৰ গুটি নাইবা পিচা শুকান গুৰি নিতৌ ৰন্ধন প্ৰকৰণত ব্যৱহৃত হবই ৷ ধনিয়া মছলা হিচাপে আমিষ বা নিৰামিষ তৰকাৰীত নাইবা সৰু সৰুকৈ কুটি আঞ্জাত নিদিলে যেন ৰন্ধাটো অপূৰ্ণ হৈ ৰব ৷ কিন্তু স্বাদ, সুগন্ধি প্ৰদান আৰু মছলা হিচাপে ব্যৱহাৰ কৰাৰ বাহিৰে ইয়াত উপকাৰিতাৰ বিষয়ে আমাৰ ৰাইজে কিমান জানে সেয়া এক ডাঙৰ প্ৰশ্ন ৷ বিশ্বৰ নানান উন্নত দেশত ধনিয়াৰ ওপৰত বহুতো গৱেষণা হৈছে তাৰে আলমত এই প্ৰৱন্ধ পাঠকৰ আগত দাঙি ধৰিলোঁ ৷

ক’ত ক’ত ধনিয়া উৎপাদিত হয় ? – এই বৰ্ষজীৱী উদ্ভিদ ধনিয়াৰ উৎপাদন ঘাইকৈ দক্ষিণ এচিয়া, উত্তৰ আফ্ৰিকা আৰু দক্ষিণ ইউৰোপত হয় ৷ আজিকালি ভাৰত, বাংলাদেশ, ৰাচিয়া, চীন, জাৰ্মানী, হলেণ্ড, পৰ্টুগাল, মেক্সিকো,তুৰস্ক, দক্ষিণ আফ্ৰিকা, দক্ষিণ আমেৰিকা, অষ্ট্ৰেলিয়া আদি অঞ্চলতো ধনিয়াৰ ভাল উৎপাদন হয় ৷

বুৰঞ্জীমূলক তথ্য : বাইবেলত ধনিয়াৰ কথা উল্লেখ থকাৰ পৰা অনুমান কৰিব পাৰি যে কিমান প্ৰাচীন কালৰ পৰা মানৱ জাতি এইবিধ উদ্ভিদৰ সৈতে পৰিচিত আছিল ৷ গ্ৰীচ, ইজৰাইল,ইজিপ্ত, চুডান, মৰক্কো আদি দেশতো অতি পুৰণি দিনৰ পৰা ধনিয়াৰ সৈতে সম্পৰ্ক থকাৰ কথা পঢ়িবলৈ পোৱা যায় ৷ ১৬৭০চনৰ পৰা দক্ষিণ আমেৰিকাত ধনিয়াৰ প্ৰচলন হয় ৷ ১৪ শতিকাত ৰোমানসকলে ধনিয়াৰ সঁচ ব্ৰিটেইনলৈ নিয়ে ৷ প্ৰাচীন কালত গ্ৰীক আৰু ৰোমানসকলে সুগন্ধি আতৰ হিচাপে ধনিয়াৰ তেল ব্যৱহাৰ কৰিছিল ৷ একেই তেল বেয়া হব ধৰা মাংসৰ গোন্ধ ঢকাৰ কামতো লগাইছিল ৷ এটা সময়ত বৰ আইৰ (Small Pox) চিকিৎসাত ধনিয়াৰ প্ৰয়োগ কৰা হৈছিল ৷

Read more

Local News