Friday, May 17, 2024

ড্ৰাগছৰ বিৰুদ্ধে নগাঁও আৰক্ষীৰ বৃহৎ সফলতা।

Share

ড্ৰাগছৰ বিৰুদ্ধে নগাঁও আৰক্ষীৰ বৃহৎ সফলতা।

নগাঁও জিলাৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা আৰু অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰাথপ্ৰতিম শইকীয়াৰ তৎপৰতাত
নগাঁও আৰক্ষীয়ে প্ৰায় ১ কোটি ২০ লাখ টকাৰ নিষিদ্ধ ড্ৰাগছ
জব্দ কৰিবলৈ সক্ষম হয়।
এক গোপন সুত্ৰৰ পমখেদি আৰক্ষীয়ে নগাঁৱৰ
আমতলাৰ পৰা নিষিদ্ধ ড্ৰাগছ সহ
এখন ক’লা ৰঙৰ চেন্ট’অ গাড়ী জব্দ কৰিবলৈ সক্ষম হয় ।
মণিপুৰৰ পৰা নগাঁৱলৈ ড্ৰাগছ সৰবৰাহ কৰা ড্ৰাগছ সৰবৰাহকাৰী দুটা আৰক্ষী অহাৰ উমান পাই বাহনখন ৰাজপথত এৰি পলায়ন কৰে।
পিছত আৰক্ষীয়ে বাহনখন থানাত নি বাহনখনৰ ভিতৰত লুকুৱাই অনা 50 টা চাবোনৰ বাকচ ভৰ্তি নিষিদ্ধ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয়।
সম্প্ৰতি আৰক্ষীয়ে পলাতক দুই ড্ৰাগছ পেডলাৰক বিচাৰি মাৰাথান অভিযান আৰম্ভ কৰিছে।
উল্লেখ্য যে চাৰিদিন পূৰ্বেও নগাঁও আৰক্ষীয়ে নগাঁও কলেজৰ সন্মূখৰ পৰা এখন বাহনৰ পৰা বৃহৎ পৰিমানৰ ড্ৰাগছৰ লগতে দুটা সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছিল।

Read more

Local News