Friday, May 17, 2024

টি-২০ বিশ্বকাপঃ ভাৰতৰ ১৫ জনীয়া দলত নেতৃত্ব দিব ৰোহিতে, হাৰ্দিক উপ-অধিনায়ক।

Share

অহা ১ জুনৰ পৰা ৱেষ্ট ইণ্ডিজ আৰু আমেৰিকাত অনুষ্ঠিত হ’বলগীয়া ২০২৪ চনৰ আই চি চি পুৰুষৰ টি-২০ বিশ্বকাপৰ ১৫ জনীয়া দলটোৰ অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে ৰোহিত শৰ্মাক।

অল ৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াই মূল ইভেণ্টত ৰোহিতৰ ছেকেণ্ড ইন কমাণ্ড হিচাপে কাম কৰিব।

৫ জুনত নিউয়ৰ্কৰ নাছাউ কাউন্টি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত আয়াৰলেণ্ডৰ বিৰুদ্ধে টি-২০ বিশ্বকাপৰ অভিযান আৰম্ভ হ’ব আৰু ৯ জুনত একেটা স্থানতে পাকিস্তানৰ বিৰুদ্ধে বহু প্ৰত্যাশিত খেল অনুষ্ঠিত হ’ব।

ভাৰতে ১২ জুনত আমেৰিকা আৰু ১৫ জুনত কানাডাৰ বিৰুদ্ধে খেলাৰ কথা।

টি-২০ বিশ্বকাপৰ ভাৰতীয় দলত অধিনায়ক হিচাপে ৰোহিত শৰ্মা, উপ-অধিনায়ক হিচাপে হাৰ্দিক পাণ্ডিয়া, যশস্বী জয়ছোৱাল, বিৰাট কোহলী, সূৰ্যকুমাৰ যাদৱ, উইকেটকীপাৰ হিচাপে ঋষভ পন্ত, উইকেটকীপাৰ হিচাপে সঞ্জু চেমছন, শিৱম ডুবে, ৰবীন্দ্ৰ জাদেজা, অক্ষৰ পেটেল, কুলদীপ যাদৱ, যুজবেন্দ্ৰ চাহাল, আৰ্ষদীপ সিং, জস্প্ৰিত বুমৰাহ, আৰু এম. ছিৰাজ।

খেলুৱৈ সংৰক্ষিত কৰা হৈছে: শুবমান গিল, ৰিংকু সিং, খলিল আহমেদ, আৰু আবেশ খান।

Read more

Local News