Friday, May 17, 2024

ইউনিটেৰিয়ান জাতীয় বিদ্যালয় ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত বিজ্ঞান শাখাৰ শ্ৰেণীকক্ষ শুভাৰম্ভণি।

Share

ৰূপহীহাট, ২ মেঃ- অসম জাতীয় বিদ্যালয় শিক্ষা সংসদৰ নীতি নিৰ্দেশনাৰ আধাৰত প্ৰতিষ্ঠিত উদমাৰিস্থিত ইউনিটেৰিয়ান জাতীয় বিদ্যালয় ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত ২০২৩-২৪ শিক্ষাবৰ্ষৰ পৰা একাদশ শ্ৰেণীত বিজ্ঞান শাখাৰ সংযোজন কৰি পাঠদান প্ৰক্ৰিয়া আৰম্ভ কৰিছিল ।

নগাওঁ জিলাৰ উত্তৰাঞ্চলৰ এক ব্যতিক্ৰমী শিক্ষানুষ্ঠান ইউনিটেৰিয়ান জাতীয় বিদ্যালয়ে সময়ে সময়ে উত্তৰণৰ জখলা বগাবলৈ সক্ষম হৈছে । উন্নত মানদণ্ডৰ শ্ৰেণী কোঠাৰ লগতে সংযুক্ত হৈ আছে শীত-তাপ নিয়ন্ত্ৰিত যন্ত্ৰ । ছাত্ৰ-ছাত্ৰী সদায় CC TV কেমাৰৰ নিৰিক্ষণত থকাৰ ব্যৱস্থা কৰিছে এইখন ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানখনে । বিজ্ঞান শাখাৰ শ্ৰেণীকক্ষ শুভাৰম্ভণি অনুষ্ঠানত বিভিন্ন প্ৰান্তৰ শিক্ষাবিদ তথা সমাজ প্ৰেমী ৰাইজৰ উপস্থিতিত আজি মুকলি কৰা হয় বিজ্ঞান শাখাৰ দ্বিতীয় বৰ্ষৰ প্ৰথম ক্লাছ । আজিৰ এই অনুষ্ঠানত উদমাৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ তথা বিশিষ্ট শিক্ষাবিদ ফজলুল হক মৰল, জুৰীয়া মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ মূৰব্বী অধ্যাপক আনোৱাৰ হুছেইন, হযবৰগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ৰ NCC শিক্ষক ছিদ্দিক আলী ।

নতুনকৈ শুভাৰম্ভ কৰা বিজ্ঞান শাখাত ইতিমধ্যে ৭৩ গৰাকী আৰু কলা শাখাত ৫৬ গৰাকী শিক্ষাৰ্থীয়ে নামভৰ্তি কৰিছে । নামভৰ্তি কৰি প্ৰায়গৰাকী শিক্ষাৰ্থী আজিৰ এই শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থকা বুলি বিদ্যালয়ৰ অধ্যক্ষ ছফুকল ইছলামে জানিবলৈ দিয়ে । বিজ্ঞান শাখাৰ বাবে নগাঁওৰ অভিজ্ঞ শিক্ষকক নিযুক্তি দিয়া হৈছে বুলি বিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ তথা বৰ্তমানৰ প্ৰশাসক তৈয়াবুৰ ৰহমানে জনায় ।

তৈয়াবুৰ ৰহমান, ৰূপহীহাট
8486024256

Read more

Local News