নগাঁৱৰ হয়বৰগাঁৱত নাবালিকা কিশোৰী অপহৰণক হয়বৰগাঁও থানা চৌহদত এদল মহিলাই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। জানিব পৰা মতে যোৱা ২৮ জুনত সোণাইঘাট হাই স্কুলৰ অষ্টম মান শ্ৰেণীৰ এগৰাকী কিশোৰী ছাত্ৰীক কাতিমাৰী গ্ৰাণ্টৰ চামিমুল ইছলাম নামৰ এজন যুৱকে অপহৰণ কৰিছে বুলি হয়বৰগাঁও থানাত এজাহাৰ দাখিল কৰে কিশোৰীৰ পিতৃয়ে।
যোৱা চাৰি দিন ধৰি অপহৰণ সম্পৰ্কীয় গোচৰটো থানাৰ টেবুলতে পেলাই থৈ এজাহাৰত উল্লেখ থকা আচামীক পলাই থাকিবলৈ সুযোগ দিয়াৰ অভিযোগ উত্থাপন কৰিছে অপৰ্হত কিশোৰীৰ পৰিয়ালে। আজি পুৱাই গাওঁ খনৰ প্ৰায় অৰ্ধ শতাধিক মহিলাই গৈ উপস্থিত হয় থানা চৌহদত। মহিলা সকলে অপৰ্হত কিশোৰী গৰাকী নিজে নিজে কেনেকৈ আহি থানাত উপস্থিত হ’ল বুলি অভিযোগ তুলি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।
উত্তেজিত মহিলা সকলৰ মাজত নগাঁও জিলা প্ৰগতিশীল নাৰী সন্থাৰ নেত্ৰী মালবিকা বৰাই সাংবাদিকৰ আগত হয়বৰগাঁও থানাৰ আৰক্ষীৰ বিৰুদ্ধে বজাৰখন পঞ্জীয়ন নকৰাৰ অভিযোগ উত্থাপন কৰে। আৰু আজি চাৰিদিন পিছত কিশোৰী জনী অকলেই আহি থানাত কেনেকৈ উপস্থিত হ’বলৈ পালে বুলি প্ৰশ্ন উত্থাপন কৰে।কিশোৰী গৰাকীৰ মাতৃয়েও হয়বৰগাঁও থানাৰ আৰক্ষীৰ বিৰুদ্ধে আচামীক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ আনে। ইফালে আজি কিশোৰী জনীক আদালতত হাজিৰ কৰা বুলি আৰক্ষী সুত্ৰে জানিব পৰা গৈছে।