Thursday, November 21, 2024

ৰাণৱেৰ লাইট বজ্ৰপাতৰ ফলত ক্ষতিগ্ৰস্ত হোৱাৰ বাবে বিমানসমূহ ডাইভাৰ্ট কৰিবলগীয়া হৈছিল।

Share

বিমানবন্দৰৰ এগৰাকী বিষয়াই জনোৱা মতে, উত্তৰ গোৱাৰ মনোহৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ (এম আই এ) ৰাণৱেৰ প্ৰান্তৰ লাইটৰ বজ্ৰপাতৰ ফলত বুধবাৰে সন্ধিয়া ৬খন বিমান ওচৰৰ গন্তব্যস্থানলৈ ডাইভাৰ্ট কৰা হয়।

গোৱাৰ মনোহৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত সন্ধিয়া প্ৰায় ৫:১৫ বজাত বজ্ৰপাতৰ ফলত ৰাণৱেৰ কাষৰ লাইটৰ ক্ষতিসাধন হয়। নিশা ৮ বজালৈকে NOTAM জাৰি কৰা হয়, তাৰ পিছত ক্ষতিগ্ৰস্ত লাইট শুধৰোৱা বা সলনি কৰা হয় আৰু বিমানবন্দৰৰ কাম-কাজ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহে বুলি এম আই এৰ এজন বিষয়াই জনাইছে।

যাত্ৰীসকলৰ অসুবিধাৰ বাবে আন্তৰিক দুখ প্ৰকাশ কৰি নোটামৰ সময়ত ছখন বিমান ওচৰৰ গন্তব্যস্থানলৈ ডাইভাৰ্ট কৰা বুলি প্ৰকাশ কৰে এম আই এয়ে। এম আই এয়ে লগতে উল্লেখ কৰে যে এনে প্ৰাকৃতিক দুৰ্যোগ মানুহৰ নিয়ন্ত্ৰণৰ বাহিৰত।

বিভিন্ন ডিজিটেল প্লেটফৰ্ম, ৱেবছাইট, সাংবাদিক, আৰু সংস্থাৰ পৰা বাতৰি সংগ্ৰহ ।

Read more

Local News