Friday, May 17, 2024

ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলত সফলতা লাভ কৰা খেলুৱৈক এন এফ ৰে’লৱে মজদুৰ ইউনিয়নৰ সম্বৰ্দ্ধনা

Share

এন. এফ. ৰে’লৱে মুখ্য কাৰ্যালয় মালিগাৱঁত আজি সদৰ কাৰ্যালয়ৰ ৰে’ল কৰ্মচাৰী আৰু এন এফ ৰে’লৱে মজদুৰ ইউনিয়নৰ কেন্দ্ৰীয় নেতৃত্বৰ‌ উপস্থিতিত এন এফ ৰে’লৱে মজদুৰ ইউনিয়নৰ মালিগাঁও শাখাই খেলুৱৈ সকলৰ মনোবল বৃদ্ধি আৰু উৎসাহিত কৰিবলৈ এক সম্বৰ্দ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰে।এই অনুষ্ঠানত যোৱা ৮ ফেব্ৰুৱাৰীৰ পৰা ১৩ ফেব্ৰুৱাৰীলৈ গোৱাত অনুষ্ঠিত হৈ যোৱা “নেশ্বনেল মাষ্টাৰ্চ গেমচ” খেল সমাৰোহত

অংশগ্ৰহণ কৰি সফলতা আজুৰি অনা উত্তৰ-পূৱ সীমান্ত ৰে’লৰ মুখ্য কাৰ্যালয়ৰ পৰিসংখ্যা বিভাগৰ কৰ্মচাৰী নীলা বসুমতাৰী আৰু চিৰঞ্জীৱ চাংমাক সম্বৰ্দ্ধনা জনোৱা হয়। উল্লেখযোগ্য যে নীলা বসুমতাৰীয়ে ডিচকাচ থ্ৰ’ আৰু শ্বট পুট দুয়োটা শাখাতে সোণৰ পদক আৰু চিৰঞ্জীৱ চাংমাই ২০০ মিটাৰ দৌৰত সোণৰ আৰু ১০০ মিটাৰ দৌৰত ৰূপৰ‌ পদক লাভ কৰিবলৈ সক্ষম হয়। দুয়োগৰাকী খেলুয়ৈয়ে নিজৰ চাকৰি জীৱনৰ ব্যস্ততাৰ সমান্তৰালভাৱে কঠোৰ অনুশীলনৰে নিজৰ নিজৰ শাখাত দক্ষতা প্ৰদৰ্শন কৰি পদক আনিবলৈ সক্ষম হৈছে।এই সফলতাৰে দুয়োগৰাকী খেলুয়ৈয়ে এন এফ ৰে’লৱে‌ তথা অসম‌লৈ গৌৰৱ কঢ়িয়াই আনিছে। আনহাতে তেওঁলোক দুয়োগৰাকী এন এফ মজদুৰ ইউনিয়নৰ সক্ৰিয় সদস্য। তেওঁলোকৰ এই সফলতাত এন এফ ৰে’লৱে মজদুৰ ইউনিয়নে গৌৰৱ অনুভৱ কৰিছে। সম্বৰ্দ্ধনা গ্ৰহণ কৰি দুয়ো গৰাকী খেলুৱৈ কৰ্ম ব্যস্ততাৰ মাজতো কেনেদৰে তেঁওলোকে খেল চৰ্চা অব্যাহত ৰাখিছে আৰু বিভিন্ন সময়ত খেলৰ লগত জড়িত অভিজ্ঞতাৰ বিষয়ে নিজৰ মনোভাৱ ব্যক্ত কৰে। মালিগাঁও শাখাৰ সম্পাদক পংকজ কলিতাই এই সফলতাৰ বাবে তেওঁলোকক আন্তৰিক অভিনন্দন জ্ঞাপন কৰি তেওঁলোকৰ এই সফলতাই সকলোকে অনুপ্ৰাণিত কৰিব বুলি ব্যক্ত কৰে। সম্বৰ্দ্ধনা অনুষ্ঠানত এন এফ ৰে’লৱে মজদুৰ ইউনিয়নৰ উপ-সভাপতি নেকিবুৰ জামান, যুটীয়া সাধাৰণ সম্পাদকদ্বয় সমীৰ কান্তি চক্ৰৱৰ্তী , উত্তম কুমাৰ ভট্টাচাৰ্য, সহকাৰী সাধাৰণ সম্পাদক কল্পনা ৰাজকুমাৰ, সাংগঠনিক সম্পাদক ধীৰাজ চৌধুৰী, মালিগাওঁ, পাণ্ডু, নিৰ্মাণ, মহিলা শাখাৰ সদস্য সকল উপস্থিত থাকে আৰু খেলুৱৈ দুগৰাকীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে

Read more

Local News