Friday, May 17, 2024

১৭K আই চি আই চি আই বেংকৰ ব্যৱহাৰকাৰীৰ ক্ৰেডিট কাৰ্ডৰ তথ্য উন্মোচিত হোৱাত; বেংকে  সকলো কাৰ্ড ব্লক কৰে আৰু কাৰ্ডৰ গৰাকী সকলক ক্ষতি পূৰণ দিয়াৰ আশ্বাস প্ৰদান কৰে।

Share

জানিবলৈ পোৱা মতে অতি কমেও ১৭ হাজাৰ নতুন আইচিআইচিআই বেংকৰ গ্ৰাহকৰ ক্ৰেডিট কাৰ্ডৰ তথ্য উন্মোচিত হোৱাত আৰু “ভুল ব্যৱহাৰকাৰী”ৰ ওচৰলৈ যোৱাৰ পিছত বৃহস্পতিবাৰে বেংকটোৱে কয় যে তেওঁলোকে এই কাৰ্ডসমূহ ব্লক কৰি দিছে আৰু গ্ৰাহকসকলক নতুন কাৰ্ড প্ৰদান কৰিব বুলি  আশ্বাস দিয়ে।

আইচিআইচিআই বেংকৰ একাংশ গ্ৰাহকে বেংকৰ আইমবাইল পে এপে ক্ৰেডিট কাৰ্ডৰ সম্পূৰ্ণ নম্বৰ আৰু কাৰ্ড ভেৰিফিকেচন মূল্য (চিভিভি)কে ধৰি ক্ৰেডিট কাৰ্ডৰ সবিশেষ উন্মোচন কৰাৰ সন্দৰ্ভত ছচিয়েল মিডিয়াত উদ্বেগ প্ৰকাশ কৰাৰ পিছতে এই সমস্যাৰ সৃষ্টি হয় হৈছিল বুলি অনুমান কৰা হৈছিল।

বিত্ত সম্পৰ্কীয় মঞ্চ টেকনফিনোত কেইবাজনো ব্যৱহাৰকাৰীয়ে তেওঁলোকৰ আইমবাইল পে এপত হঠাতে কিছুমান ব্যৱহাৰকাৰীৰ অজ্ঞাত গ্ৰাহকৰ ক্ৰেডিট কাৰ্ডৰ সম্পূৰ্ণ কাৰ্ড নম্বৰ, মেয়াদ উকলি যোৱাৰ তাৰিখ, আৰু চিভিভিৰ দৰে স্পৰ্শকাতৰ তথ্য দেখা পোৱা গৈছিল  বুলি জনাইছে।

আইএনএছক দিয়া এক বিবৃতিত আইচিআইচিআই বেংকৰ মুখপাত্ৰই কয় যে তেওঁলোকৰ  কথা টো দৃষ্টিগোচৰ হৈছে আৰু কথা টো গুৰুত্ব সহকাৰে লৈছে আৰু কয় যে  “যোৱা কেইদিনমানত জাৰি কৰা প্ৰায় ১৭ হাজাৰ নতুন ক্ৰেডিট কাৰ্ড আমাৰ ডিজিটেল চেনেলত ভুল ব্যৱহাৰকাৰীৰ সৈতে মেপ কৰা হৈছিল বুলি জনাই।

মুখ পাত্ৰ গৰাকীয়ে লগতে কয় যে এই চেটৰ পৰা কাৰ্ডৰ অপব্যৱহাৰৰ কোনো দৃষ্টান্ত আমাক জনোৱা হোৱা নাছিল।অৱশ্যে আমি আশ্বাস দিছো যে বেংকে কোনো গ্ৰাহকক কোনো ধৰণৰ আৰ্থিক লোকচান হব নিদিয়ে, এই ক্ষেত্ৰত উপযুক্ত ক্ষতিপূৰণ দিব বুলি জনাই।

বেংকৰ মতে, প্ৰভাৱিত ক্ৰেডিট কাৰ্ডৰ সংখ্যাই “বেংকৰ ক্ৰেডিট কাৰ্ড পৰ্টফলিঅৰ প্ৰায় ০.১ শতাংশ গঠন কৰিছিল।

আইচিআইচিআই বেংকৰ মুখপাত্ৰই কয় যে, “তাৎক্ষণিক ব্যৱস্থা হিচাপে আমি এই কাৰ্ডসমূহ ব্লক কৰি গ্ৰাহকক নতুন কাৰ্ড প্ৰদান কৰিছো। ইয়াৰ ফলত হোৱা অসুবিধাৰ বাবে আমি দুখ প্ৰকাশ কৰিছো আৰু অনাগত দিনত এনেকুৱা অসুবিধাৰ প্ৰতি গুৰুত্ব প্ৰধান কৰিব বুলি জনাই।”

এজন ব্যৱহাৰকাৰীয়ে টেকনফিনোত লিখিছে: “আইমবাইল এপত নিৰাপত্তা জনিত গ্লিচৰ বাবে মোৰ আন কাৰোবাৰ এমাজন পে চিচিৰ প্ৰৱেশ আছে। যদিও অটিপিয়ে ঘৰুৱা লেনদেনত বাধা আৰোপ কৰে, আইমবাইল এপৰ পৰা পোৱা সবিশেষ ব্যৱহাৰ কৰি মই আন্তঃৰাষ্ট্ৰীয় লেনদেন কৰিব পাৰো।”

২০০৮ চনত মুকলি কৰা আইমবাইল পে এপটোৰ ব্যৱহাৰকাৰী ২.৮ কোটিতকৈ অধিক বুলি উল্লেখ কৰে।  

Read more

Local News