Friday, May 17, 2024

শতাধিক ইছলাম ধৰ্মৰ লোকৰ সৈতে ইফটাৰত অংশগ্ৰহণ কৰে বিজেপিৰ নগাঁও লোকসভা সমষ্টিৰ সাংসদ পদৰ প্ৰাৰ্থী সুৰেশ বৰাই।

Share

জুৰীয়াৰ শিঙিয়া মাদ্ৰাছাত পাছ শতাধিক ইছলাম ধৰ্মৰ লোকৰ সৈতে ইফটাৰত অংশগ্ৰহণ কৰে বিজেপিৰ নগাঁও লোকসভা সমষ্টিৰ সাংসদ পদৰ প্ৰাৰ্থী সুৰেশ বৰাই। নিৰ্বাচনী প্ৰচাৰৰ মাজতে আজি ৰূপহীহাট সমষ্টিৰ ঐতিহ্যমণ্ডিত শিঙিয়া মাদ্ৰাছাত পাছ শতাধিক ৰাইজৰ উপস্থিতিত ইফতাৰত অংশগ্ৰহণ কৰে বিজেপিৰ নগাঁও লোকসভা সমষ্টিৰ সাংসদ পদৰ প্ৰাৰ্থী সুৰেশ বৰাই। ইমান দিনে বিজেপিৰ দূৰ্গ ৰূপে পৰিচিত ৰূপহীহাট সমষ্টি এতিয়াৰে পৰা বিজেপিৰ দূৰ্গ হিচাপে পৰিচিত হ’ব বুলি তেওঁ সাংবাদিকৰ আগত কয়।

Read more

Local News