Friday, May 17, 2024

‘লুনা-২৫’ বিফল হোৱাৰ পিছতে বিজ্ঞানীগৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটে। যাৰ বাবে শনিবাৰে ৯০ বছৰীয়া মিখাইল মাৰোভ নামৰ বিজ্ঞানীগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়…

Share

ৰাছিয়াৰ চন্দ্ৰ অভিযান লুনা-২৫য়ে অৱতৰণৰ পূৰ্বে নিয়ন্ত্ৰণ হেৰুৱাই বিফল হোৱাৰ পাছতেই বিশ্বতে সৃষ্টি হয় ব্যাপক প্ৰতিক্ৰিয়াৰ। ইয়াৰ পাছতে এই অভিযানত কাম কৰা এগৰাকী আগশাৰীৰ পদাৰ্থবিজ্ঞানী তথা জ্যোতিৰ্বিজ্ঞানীক মস্কোৰ এখন চিকিৎসালয় ভৰ্তি কৰোৱাৰ কথা প্ৰকাশ পাইছে আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত।

প্ৰকাশিত খবৰ অনুসৰি ‘লুনা-২৫’ বিফল হোৱাৰ পিছতে বিজ্ঞানীগৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটে। যাৰ বাবে শনিবাৰে ৯০ বছৰীয়া মিখাইল মাৰোভ নামৰ বিজ্ঞানীগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। এই সন্দৰ্ভত বিজ্ঞানীজনে চিকিৎসালয়ৰ কক্ষৰ পৰাই সাংবাদিকৰ আগত কয় যে- ‘মই লুনা-২৫ৰ বিষয়ে কেনেকৈ চিন্তা নকৰাকৈ থাকিব পাৰোঁ, সেয়া জীৱনৰ বাবে ডাঙৰ বিষয় হৈ পৰিছে।’

Read more

Local News