Friday, May 17, 2024

প্ৰতীক্ষা আৰু নিউ প্ৰেৰণা NGOৰ যৌথ উদ্যোগত কুইজ প্ৰতিযোগিতা।

Share

ৰূপহীহাট, ২৭ এপ্ৰিলঃ নগাঁও জিলাৰ জুৰীয়া শিক্ষাখণ্ডৰ অন্তৰ্গত ইউনিটেৰিয়ান জাতীয় বিদ্যালয়, ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত আজি ষষ্ঠ, সু্তম, অষ্টম, নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয় ।

বে-চৰকাৰী সংস্থা প্ৰতীক্ষা আৰু নিউ প্ৰেৰণা NGOৰ যৌথ উদ্যোগত এই প্ৰতিযোগিতা অনুষ্ঠিত হয় বুলি প্ৰতীক্ষাৰ সম্পাদিকাই জানিবলৈ দিয়ে । সাধাৰণ জ্ঞান, বিজ্ঞান আৰু সাহিত্যক বিষয়বস্তু হিচাপে লৈ অনুষ্ঠিত কৰা এই কুইজ প্ৰতিযোগিতাত মুঠ ১০ টা দলে অংশগ্ৰহণ কৰে । জাতীয় বিদ্যালয়ৰ শিক্ষক আবিদুৰ ৰহমান আৰু শিক্ষয়িত্ৰী কংকনা কোঁচে পৰিচালনা কৰা কুইজ প্ৰতিয়োগিতাত দশম শ্ৰেণীৰ মিচবাউৰ ৰহমান দলে প্ৰথম স্থান, দশম শ্ৰেণীৰ মেহজাবিন আহমেদৰ দলে দ্বিতীয় আৰু ফৰিদুল ইছলামৰ দলে তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হয় বুলি উদ্যোক্তা সকলৰ হৈ বিদ্যালয়ৰ অধ্যক্ষ ছফিকুল ইছলামে জানিবলৈ দিয়ে । বটা বিতৰণী সভাত দুয়োটা বে-চৰকাৰী সংস্থাৰ সভাপতি, সম্পাদক প্ৰমুখ্যে সদস্য-সদস্যা তথা বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে ।

প্ৰথম স্থান প্ৰাপ্ত সকলক নগদ ৫০০ টকা লগতে ট্ৰফী দ্বিতীয় স্থান প্ৰাপ্ত সকলক নগদ ৩০০ টকা লগতে ট্ৰফী আৰু তৃতীয় স্থান প্ৰাপ্ত সকলক নগদ ২০০ টকা লগতে ট্ৰফী দি ছাত্ৰ-ছাত্ৰীসকলক উত্সাহিত কৰা দেখা যায় ।

তৈয়াবুৰ ৰহমান, ৰূপহীহাট
8486024256

Read more

Local News