Friday, May 17, 2024

জুৰীয়ৰ ধুব্ৰামাৰি চৰত লোমহৰ্ষক হত্যাকাণ্ড; জঘণ্য হত্যা কাণ্ডৰ প্ৰমাণ দিলে মাখিয়ে।

Share

ৰূপহীহাট, ২৭এপ্ৰিল: জুৰীয়াৰ ধুব্ৰামাৰি চৰত এক সপ্তাহতে দুটা জঘন্য হত্যাকাণ্ড কোনোবা অচিনাক্ত দুৰ্বৃত্তই সংঘটিত কৰাত সমগ্ৰ জুৰীয়া অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । সমবায় সমিতিৰ এজেন্ট তথা অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ ধুব্ৰামাৰি আঞ্চলিক সমিতিৰ সভাপতি আছৰ আলীক যোৱাকালি দুৰ্বৃত্তই হানি-খুচি হত্যা কৰি ধুব্ৰামাৰি বজাৰৰ নিচেই কাষতে পথাৰত পেলাই থৈ যায় । আজি মৃত আফছৰ আলীৰ ঘৰত উপস্থিত হয় সংখ্যালঘু সংগঠন অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ আৰু আমছুৰ নগাঁও জিলা কমিটিৰ সজাতি দল ।

এক সপ্তাহ আগতে এটা অচিনাক্ত অৰ্ধগলিত মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত পুনৰ যোৱাকালি আফচৰ আলীক চোকা অশ্ৰৰে দুৰ্ব্যত্তই হানি-খুচি হত্যা কৰিলে । মৃত আচৰব আলীৰ হত্যা কাণ্ডৰ বুজ ল’বলৈ আমছু সভাপতি আৰু অসম সংখ্যালঘু সংগ্ৰাম সমিতিৰ সভাপতিকে আদি কৰি দুয়োটা সংগঠনৰ নেতৃত্বই বুজ লোৱা অৱস্থাতে ঠেলা মাৰা আৰক্ষী উপস্থিত হয় তদন্তৰ বাবে । ৰাইজৰ লগত আৰক্ষীয়ে আলোচনা কৰি ৰাইজে সন্দেহ কৰা ছৈয়দ আলীৰ ঘৰত তালাচি কৰে । ছৈয়দ আলীৰ ঘৰত তালাচি কৰোঁতে ঘৰৰ পিছফালে দমকলৰ ওচৰত নেমু গছ এজোপাৰ তলত মাখি উৰি থকা দেখা পাই সন্দেহ উপজাত জুমি চাওতেই এটি মোনাত হত্যা কাণ্ডত ব্যৱহাৰ কৰা তেজৰ চেকুৰা লাগি থকা অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰে ।

ঠেলামাৰা আৰক্ষীয়ে মুল অভিযুক্ত ছৈয়দ আলীৰ পত্নী মিনাৰা খাতুনক আটক কৰে যদিও মুল অভিযুক্ত ছৈয়দ আলীক আটক কৰিবলৈ সক্ষম হ’ব পৰা নাই । উল্লেখ্য যে, মাত্ৰ এক সপ্তাহ আগতে ধুব্ৰামাৰি চৰতেই এজন অচিনাক্ত যুৱকক হত্যা কৰি ভৰি বান্ধি নদীত পেলাই দিছিল দুৰ্ব্যত্তই। আলীৰ হত্যাকাৰীক অতি সোনকালে আটক কৰাৰ লগতে দৃষ্টান্তমূলক শাস্তি দিবলৈ দাবী জনাইছে সংগঠন দুটাই ।

তৈয়াবুৰ ৰহমান, ৰূপহীহাট
8486024256

Read more

Local News