Friday, May 17, 2024

ঈদেই হওঁক বা বিহুয়েই হওঁক এটি নতুন কাপোৰ অত্যন্ত জৰুৰী।

Share

দৰিদ্ৰ নিচলা লোকেহে বুজি পায় ইয়াৰ মৰ্ম। পৱিত্ৰ ঈদুল ফিতৰ আৰু আগন্তুক ৰঙালী বিহু উপলক্ষে এটা অনন্য বাতৰি। প্ৰায় তিনি হাজাৰ দৰিদ্ৰ লোকৰ মাজত বস্ত্ৰ বিতৰণ । নগাঁও জিলাৰ হয়বৰগাঁও ধিংগেইটত বিতৰণ কৰা হয় এই বৃহৎ সংখ্যক কাপোৰ বোৰ।

মংগলবাৰে দিনৰ ১১বজাৰ পৰা বিয়লি পাঁচ বজালৈকে চলে বিতৰণী অনুষ্ঠান । হয়বৰগাঁও প্ৰেছ ক্লাব আৰু অৰিয়ান্টেল ৰুৰেল ডেবলেপমেন্ট ছচাইটিৰ এক প্ৰসংশনীয় পদক্ষেপ। । হয়বৰগাঁও বিশাল বস্ত্ৰ বিতৰণী অনুষ্ঠানত বৃহত্তৰ অঞ্চলৰ বিভিন্ন প্ৰান্তৰ পৰা তিনি সহস্ৰাধিক পুৰুষ মহিলাৰ লানি নিচিঙা সোত বোৱা পৰিলক্ষিত হয়।

বস্ত্ৰ বিতৰণী অনুষ্ঠানত প্ৰশান্ত শইকীয়া, মতিন চৌধুৰী, ভাস্কৰ গোস্বামী, ফজলুল হক চৌধুৰী, ৰহমত উল্লাহ খান, মুস্তান কিডৱাই, ডা কামাল হাছান, শ্বৰিফুজ জামান, হুজ্জাতুল ইছলাম, দেৱজিৎ হাজৰিকা, দিব্যজ্যোতি বৰুৱাকে আদিকৰি বৰেন্য ব্যক্তি সকল উপস্থিত থাকে।

ষ্টাফ ৰিপ’ৰ্টাৰ নগাঁও

Read more

Local News