Friday, May 17, 2024

ইউনিটেৰিয়ান জাতীয় বিদ্যালয়ত ঈদ-বিহু সন্মিলন

Share

ইউনিটেৰিয়ান জাতীয় বিদ্যালয়ত ঈদ-বিহু সন্মিলন
ৰূপহীহাট, ১৯ এপ্ৰিলঃ বিগত বছৰৰ দৰে এইবাৰো জুৰীয়া শিক্ষাখণ্ডৰ অন্তৰ্গত উদমাৰিস্থিত ইউনিটেৰিয়ান জাতীয় বিদ্যালয় ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত প্ৰতীক্ষা নামৰ বে-চৰকাৰী সংস্থা আৰু জাতীয় বিদ্যালয় পৰিচালনা সমিতিৰ উদ্যোগত দিনজোৰা কাৰ্য্যসূচীৰে ঈদ-বিহু সন্মিলন অনুষ্ঠিত কৰি হিন্দু-মুছলিম সম্প্ৰীতিৰ এক অনন্য নিদৰ্শন দাঙি ধৰিছে । কাৰ্য্যসূচীৰ আৰম্ভণিতে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি মিন্টু বৰদলৈয়ে বিদ্যালয় চৌহদত বৃক্ষৰোপণ কৰে । লগে লগে চেমনীয়া বিহু‌ দলে হুচৰি পৰিৱেশন কৰি সকলোকে মন্ত্ৰমুগ্ধ কৰি তোলে । বিহুৰ পৰম্পৰা ৰক্ষা কৰি অঞ্চলটোৰ জ্যেষ্ঠ ব্যক্তিসকলক জলপান আপ্যায়ণ কৰি তেওঁলোকৰ আশীৰ্বাদ গ্ৰহণ কৰাৰ এক ব্যতিক্ৰমী অনুষ্ঠানো অনুষ্ঠিত কৰা হয় । ঈদ-বিহু মঞ্চৰ চৌহদত অসমীয়া গ্ৰাম্যজীৱনৰ কৃষক সমাজত প্ৰচলিত পৰম্পৰাগত কৃষি সঁজুলিৰ এক প্ৰদৰ্শনীৰো ব্যৱস্থা কৰা পৰিলক্ষিত হয় । ইয়াৰ পিছতেই কেইবাটাও পৰম্পৰাগত খেল কণী যুঁজ, ৰছী টনা, কবিতা আবৃত্তি, জিকিৰ-জাৰী আদিৰ লগতে সাংস্কৃতিক প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হয় । এই প্ৰতিযোগিতাসমূহ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে বিদ্যালয়ৰ অধ্যক্ষ ছফিকুল ইছলামে । প্ৰায় ১০০০ ৰো অধিক ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী তথা অভিভাৱক-অভিভাৱিকাৰ উপস্থিতিয়ে এই অঞ্চলত সম্প্ৰীতিৰ নিদৰ্শন দেখা পোৱা যায় ।

Read more

Local News