Tuesday, December 3, 2024

সুৰ‌‌-সাধনা সংগীত মহাবিদ্যালয়ৰ উদ্যোগত ৰাভা দিৱস উদযাপন

Share

১৬ জুন‌:- নগাঁও জিলাৰ আগশাৰীৰ সংগীত মহাবিদ্যালয়‌ ‘ সুৰ-সাধনা ‘ৰ উদ্যোগত আজি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ৫৫ সংখ্যক মৃত্যু তিথিটো আগতীয়াকৈ শ্ৰীমন্ত শংকৰ মিছনৰ চৌহদত থকা লোকসেৱক‌ হলধৰ ভূঞা প্ৰেক্ষাগৃহত আড়ম্বৰপূৰ্ণ ভাৱে অনুষ্ঠিত হৈ যায় ।

বিশিষ্ট কবি, সাহিত্যিক চিদানন্দ গোস্বামীয়ে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ফটোত মাল্য প্ৰদান আৰু বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানটোৰ শুভাৰম্ভ কৰি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সৃষ্টিৰাজিৰ ওপৰত বিস্তৃত ভাৱে অৱলোকন কৰে । নগাঁও মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যাপক নৱ মহন্তই আঁত ধৰা অনুষ্ঠানটোত ‘সুৰ সাধনা’ মহাবিদ্যালয়ৰ অধ্যক্ষ সুৱাগমনি মহন্তই ‘ এয়ে মোৰ শেষ গান ‘শীৰ্ষক ৰাভা সংগীতটো অতি সাৱলীলভাৱে পৰিবেশন কৰি উপস্থিত ৰাইজক আপ্লুত কৰে । ইয়াৰ পিছতেই সুৰ সাধনা সংগীত মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে বিষ্ণু ৰাভাৰ কালজয়ী জনপ্ৰিয় গীত সমূহ পৰিবেশন কৰি‌‌ উপস্থিত ৰাইজক মোহাচন্ন কৰে ।

মৃত্যু তিথিত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক সশ্ৰদ্ধ সোঁৱৰন শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে আয়োজন কৰা অনুষ্ঠানটোত সংস্কৃত ভাষাত গীত পৰিবেশন কৰি সৰ্বভাৰতীয় পৰ্য্যায়ত চৰ্চা লাভ কৰা শিল্পী ৰঞ্জন বেজবৰুৱা আৰু কন্ঠশিল্পী নয়ন জ্যোতি হাজৰিকা, নৱ প্ৰজন্মৰ জনপ্ৰিয় শিল্পী সংগীতা শইকীয়াই বিষ্ণু ৰাভাৰ কৰ্মৰাজীৰ ওপৰত বক্তৃতা প্ৰদান কৰাৰ লগতে কেইবাটাও ৰাভা সংগীত পৰিবেশন কৰে।

Read more

Local News