বৃহস্পতিবাৰে চৰকাৰে ঘোষণা কৰে যে অজিত ডোভালক তৃতীয়বাৰৰ বাবে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা হিচাপে নিযুক্তি দিয়া হৈছে আৰু তেওঁক কেবিনেট মন্ত্ৰীৰ মৰ্যাদা প্ৰদান কৰা হ’ব।
কৰ্মচাৰী আৰু প্ৰশিক্ষণ মন্ত্ৰালয়ৰ এক অধিসূচনাত উল্লেখ কৰা হৈছে যে তেওঁৰ নিযুক্তি প্ৰধানমন্ত্ৰীৰ কাৰ্যকালৰ সমান্তৰালভাৱে বা পৰৱৰ্তী নিৰ্দেশ নোহোৱালৈকে হ’ব, যিটো প্ৰথমে আহিব।
এই অধিসূচনাত উল্লেখ কৰা হৈছে যে এন এছ এ (NSA) ড’ভালক তেওঁৰ কাৰ্যকালত কেবিনেট মন্ত্ৰী হিচাপে নিযুক্তি দিয়া হ’ব।
জুন মাহৰ পৰা কাৰ্যকৰী হোৱাকৈ প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব হিচাপে পুনৰ নিযুক্তি দিয়া হৈছে ড০ পি কে মিশ্ৰক। লগতে তেওঁক কেবিনেট মন্ত্ৰীৰ পদবী প্ৰদান কৰা হ’ব।
এন এছ এ(NSA) হিচাপে কাৰ্যনিৰ্বাহ কৰা অজিত ডোভাল আৰু মহাসচিব হিচাপে নিযুক্তি পোৱা পি কে মিশ্ৰ দুয়োজনেই অৱসৰপ্ৰাপ্ত আমোলা যিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দীৰ্ঘদিনীয়া উপদেষ্টা হ’বলৈ সাজু হৈছে।
বিভিন্ন ডিজিটেল প্লেটফৰ্ম, ৱেবছাইট, সাংবাদিক, আৰু সংস্থাৰ পৰা বাতৰি সংগ্ৰহ ।