ৰূপহীহাট সমষ্টিৰ বিধায়ক নুৰুল হুদাৰ প্ৰশংসনীয় পদক্ষেপ। ছাত্ৰ ছাত্ৰী সকলক প্ৰেৰণা তথা উৎসাহ দিয়াৰ উদ্দেশ্যৰে সদ্য ঘোষিত সৰ্বভাৰতীয় মেডিকেল প্ৰৱেশ পৰীক্ষাত স্থান লাভ কৰা মেধাৱী ছাত্ৰ-ছাত্ৰীক ঘৰে-ঘৰে গৈ আজি সম্বৰ্ধনা ও উষ্ম আদৰণি জনায় বিধায়ক নুৰুল হুদাই। লগতে ছাত্ৰ ছাত্ৰীৰ লগত মত বিনিময় কৰে। সম্বৰ্ধনা জ্ঞাপন কৰি বিধায়ক নুৰুল হুদাই কয় যে, ডক্টৰ, ইঞ্জিনিয়াৰ ৰ সমান্তৰাল ভাৱে UPSC, APSC তো ছাত্ৰ- ছাত্ৰী সকলে মনোনিবেশ কৰি আগবাঢ়ি যাব লাগে। শিক্ষাৰ প্ৰতি থকা বিধায়ক নুৰুল হুদাৰ এই পদক্ষেপক ভূয়সী প্ৰশংসা কৰে সচেতন মহলে।
জুৰীয়াৰ পৰা নাজিম উদ্দিনৰ ৰিপ’ৰ্ট।