Friday, November 22, 2024

NEET ২০২৪ ত আজমল ছুপাৰ ৪০ৰ ঐতিহাসিক সফলতা,৭১০নম্বৰৰে উত্তৰ-পূৰ্বাঞ্চলত আজমল ছুপাৰ ৪০য়ে ৰচিলে অভিলেখ।

Share

দৰিদ্ৰ মেধাসম্পন্ন শিক্ষাৰ্থীসকলৰ চিকিৎসক আৰু অভিযন্তা হোৱাৰ সপোনক পূৰণ কৰিবলৈ আজমল পৰিয়ালে আজমল ফাউণ্ডেচনৰ জৰিয়তে গ্ৰহন কৰিছিল আজমল ছুপাৰ ৪০ নামেৰে এক অভিলাসী আঁচনি৷ যাৰ ফলত সমগ্ৰ দেশৰ ভিতৰতে আজি আজমল ছুপাৰ ৪০ৰ শিক্ষাৰ্থীসকলে সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হোৱাৰ লগতে উত্তৰ-পূৰ্বাঞ্চলত ঐতিহাসিক ফলাফল প্ৰদৰ্শনেৰে জিলিকি উঠে ৷ NEET-২০২৪ বৰ্ষৰ পৰীক্ষাত আজমল ছুপাৰ ৪০য়ে এক যুগান্তকাৰী সফলতা লাভ কৰি সমগ্ৰ দেশৰ ভিতৰতে উজলি উঠিবলৈ সক্ষম হয় ৷

NEET ২০২৪ ৰ বাছনি পৰীক্ষাত আজমল ছুপাৰ ৪০ৰ শীৰ্ষ স্থানত থকা নাজমুছ চাকিবে ৭২০নম্বৰৰ ভিতৰত ৭১০ নম্বৰ লাভ কৰে, মেহদি হাচানে ৭০৫, স্বাহিনা বেগম লস্কৰে ৭০০,ছয়িদ আকতাৰে ৭০০ আৰু আলিমুল ইছলাম আল হাদিয়ে ৭০০নম্বৰ লাভ কৰিবলৈ সক্ষম হয়।

আনহাতে ৯০ গৰাকী শিক্ষাৰ্থীয়ে ৬৫০ৰো অধিক নম্বৰ আৰু ৩৩০ৰো অধিক শিক্ষাৰ্থীয়ে ৬০০ৰো অধিক নম্বৰ লাভ কৰিবলৈ সক্ষম হয় এনে অভূতপূৰ্ব সফলতা অৰ্জন কৰাৰ বাবে এইমছৰ দৰে দেশৰ আগশাৰীৰ চিকিৎসা মহাবিদ্যালয়ত এইবাৰ বহুতে নাম লগাব পাৰিব।

সফলতা অৰ্জন কৰা এই মেধাসম্পন্ন শিক্ষাৰ্থীৰ অধিকাংশ শিক্ষাৰ্থীয়ে আৰ্থিকভাবে পিছপৰা ৷ শিক্ষাৰ্থীসকলৰ মেধা আৰু চিকিৎসক হোৱাৰ সপোনৰ কথা জানিব পাৰি আজমল ফাউণ্ডেচনৰ ন্যাসৰক্ষী মৌলানা বদৰুদ্দিন আজমল আৰু মূখ্য ন্যাসৰক্ষী ছিৰাজুদ্দিন আজমলৰ নিৰ্দেশত আজমল ফাউণ্ডেচনে তেওঁলোকৰ শিক্ষাৰ সম্পূৰ্ণ খৰচ বহন কৰিছিল,আজমল ফাউণ্ডেচনৰ জৰিয়তে বিনামূলীয়া কোচিং ব্যৱস্থা কৰা হৈছিল ৷ লগতে প্ৰদান কৰা হৈছিল জলপানি, ইয়াৰ উপৰিও অতি দুখীয়া মেধাৱী শিক্ষাৰ্থী সকলক থকা-খোৱাৰ ব্যৱস্থাও সম্পূৰ্ণ বিনামূলীয়াকৈ কৰি দিছিল। লগতে উন্নত কোচিং প্ৰদানেৰে তেওঁলোকৰ চিকিৎসক হোৱাৰ সপোন পূৰণৰ বাবে অহোপুৰুষাৰ্থ চেষ্টা কৰিছিল আজমল ছুপাৰ ৪০য়ে৷ এই মেধাসম্পন্ন শিক্ষাৰ্থীসকলক দক্ষ শিক্ষকমণ্ডলীৰ দ্বাৰা কোচিং প্ৰদান কৰা হৈছিল৷ আজমল ছুপাৰ ৪০ৰ শিক্ষক শিক্ষয়িত্ৰীসকলে দিনে ৰাতি একাকাৰ কৰি শিক্ষাৰ্থী সকলৰ সপোন পূৰণ কৰিবলৈ অহৰহ চেষ্টা কৰিছিল৷ যাৰ বাবে আজি সমগ্ৰ ভাৰতৰ ভিতৰত আজমল ছুপাৰ ৪০ৰ শিক্ষাৰ্থীসকলে নিজৰ পাৰদৰ্শিতাৰে সুনাম অৰ্জন কৰিবলৈ সক্ষম হয়৷

আজমল ছুপাৰ ৪০ৰ এই যুগান্তকাৰী সফলতাক লৈ উৎফুল্লিত হৈ পৰিছে আজমল পৰিয়াল। আজমল গ্ৰুপ অৱ কোম্পানীৰ মুৰব্বী আমিৰ উদ্দিন আজমল , আজমল ফাউণ্ডেচনৰ ন্যাসৰক্ষী মৌলানা বদৰুদ্দিন আজমল, মূখ্য ন্যাসৰক্ষী ছিৰাজুদ্দিন ৰাজুদ্দিন আজমলকে ধৰি আজমল পৰিয়ালৰ লগতে আজমল ফাউণ্ডেচনৰ সঞ্চালক ড° খচৰুল ইছলাম আৰু মহা প্ৰবন্ধক ড° এম আৰ এইচ আজাদৰ লগতে আজমল ছুপাৰ ৪০ৰ প্ৰজেক্ট হেড আব্দুল কাদিৰে আজমল ছুপাৰ ৪০ৰ সমূহ শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে আজমল সুপাৰ ৪০ৰ লগত জড়িত সমূহ বিষয়ববীয়া তথা কৰ্মকৰ্তা সকলক অভিনন্দন জ্ঞাপন কৰে লগতে বিশেষকৈ সফলতা অৰ্জন কৰা ছাত্ৰ-ছাত্ৰীক আন্তৰিক অভিনন্দন জনায়। আজমল ফাউণ্ডেচনৰ সঞ্চালক ড° খচৰুল ইছলামে এই কৃতিত্বৰ বাবে আজমল ছুপাৰ ৪০ৰ সমূহ শিক্ষক শিক্ষয়িত্ৰীক ধন্যবাদ জ্ঞাপন কৰি কয় যে শিক্ষাৰ্থীসকলৰ বাবে দিনে ৰাতিয়ে পৰিশ্ৰম কৰা শিক্ষকসকলৰ একান্ত প্ৰচেষ্টা, কৰ্তব্যপৰায়ণতাৰ লগতে শিক্ষাৰ্থীসকলৰ একাগ্ৰতা তথা অধ্যাৱসায়ৰ বাবে আজি এই সফলতা লাভ কৰিবলৈ সক্ষম হয়৷

Read more

Local News