গোলাঘাট জিলাৰ তথা অসমৰ অন্যতম জনপ্ৰিয় স্বেচ্ছাসেৱী অনুষ্ঠান হস্তশিল্প উন্নয়ন প্ৰতিষ্ঠানৰ সাধাৰণ সম্পাদক তথা GI Tag Achiever পংকজ কুমাৰ শৰ্মাক হস্তশিল্প / বস্ত্ৰশিল্পৰ ক্ষেত্ৰত জীৱন জোৰা বিশেষ অৱদান দিয়াৰ বাবে আজি গুৱাহাটীৰ খানাপাৰাত ২১ ,২২, আৰু ২৩ জুনত অনুষ্ঠিত অষ্টম বাৰ্ষিক ৰঙালী মেলাত শেষৰদিনা ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামীণ বিকাশ বেংক চমুকৈ নাবাৰ্ডৰ উদ্যোগত বঁটা / পুৰস্কাৰ দিয়া হৈছে। এই অনুষ্ঠানত অসম চৰকাৰৰ মুখ্য সচিব ড° ৰবি কোটা, আই এ এছ(IAS), Minister of Handloom and Textiles, Govt. of Meghalaya আদি বহু কেইজন গণ্য মান্য ব্যক্তিৰ উপস্থিত মুখ্য প্ৰধান প্ৰন্ধক লুকেন্দ্ৰ দাসে “ৰঙালী উদ্যোগী বটাঁ-২৪' (“Rongali Entrepreneur Award -24”) প্ৰদান কৰে।
পংকজ কুমাৰ শৰ্মাই যোৱা ২৫ বছৰে প্ৰায় ২৩ হেজাৰ মহিলাক সাৱলীকৰন , হস্তশিল্প, বস্ত্ৰশিল্পৰ আদিৰ প্ৰশিক্ষণ দি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে বুলি জানিবলৈ দিছে ৷ উল্লেযোগ্য যে অসমীয়া গামোচা GI Tag লাভ কৰা ক্ষেত্ৰত পংকজ কুমাৰ শৰ্মাই গুৰুত্ব পূৰ্ণ ভূমিকা পালন কৰিছিল। ইয়াৰ উপৰিও শৰ্মাৰ অশেষ চেষ্টা আৰু নাবাৰ্ডৰ বিষয়াৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ বাবে অসমৰ মিছিং সম্প্ৰদায়ৰ বস্ত্ৰ শিল্পও ভৌগোলিক সূচাংক (Gi Tag) লাভ কৰি বিশ্ব ডৰ্বাৰত চিনাকি পথ মুকলি কৰে। পংকজ কুমাৰ শৰ্মাই জনোৱা মতে এই সফলতাৰ আৰত নাবাৰ্ডৰ বিষয়াৰ সহযোগিতাৰ বাবেই তেওঁ সমাজৰ কামকাজত উৎসাহ পাই আহিছে ।
GI Tag Achiever পংকজ কুমাৰ শৰ্মাক ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামীণ বিকাশ বেংক চমুকৈ নাবাৰ্ডৰ উদ্যোগত বঁটা / পুৰস্কাৰ দিয়া হৈছে।
Share
Read more