জলবায়ু সন্মিলনত কাৰ্বন নিৰ্গমনৰ বিৰুদ্ধে সংঘবদ্ধ যুঁজৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ
গাজাত যুদ্ধৰ মাজতে ডুবাইত ইজৰাইলৰ ৰাষ্ট্ৰপতিৰে ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সংযুক্ত আৰৱ গণৰাজ্যত অনুষ্ঠিত হোৱা ২৮ সংখ্যক জলবায়ু সন্মিলনত কাৰ্বন নিৰ্গমনৰ বিৰুদ্ধে যুঁজিবলৈ এক ‘সৰ্বগ্ৰহণযোগ্য , সক্ৰিয় আৰু ইতিবাচক পদক্ষেপ’ৰ বাবে আহ্বান জনায়। প্ৰধানমন্ত্ৰী মোদীয়ে বিশ্বৰ নেতাসকলক কাৰ্বন হ্ৰাসৰ উদ্যোগটোত যোগদান কৰিবলৈ আৰু সেউজ ভৱিষ্যতৰ দিশত কাম কৰিবলৈ আহ্বান জনায়।
প্ৰধানমন্ত্ৰী মোদীয়ে জলবায়ু ন্যায়, জলবায়ু বিত্ত আৰু সেউজ ঋণৰ দৰে বিষয়কে ধৰি ভাৰতে আৰম্ভ কৰা পদক্ষেপসমূহৰ প্ৰতি বিশ্বৰ নেতাসকলৰ নিৰন্তৰ সমৰ্থনৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰে।
“আজি এই মঞ্চৰ জৰিয়তে মই আন এক গ্ৰহ-পন্থী, সক্ৰিয় আৰু ইতিবাচক পদক্ষেপক আমন্ত্ৰণ জনাইছো, যিহৈছে গ্ৰীণ ক্ৰেডিট ইনিশিয়েটিভ। এইটো সক্ৰিয় অংশগ্ৰহণৰ জৰিয়তে কাৰ্বন ক্ৰেডিটৰ বাণিজ্যিক মানসিকতাৰ বাহিৰত কাৰ্বন চিংক সৃষ্টি কৰাৰ এক অভিযান। মই আশা কৰোঁ যে আপোনালোক সকলোৱে সঁচাকৈয়ে এই প্ৰচেষ্টাত যোগদান কৰিব,” প্ৰধানমন্ত্ৰী মোদীয়ে কয়।