তামিলনাডুৰ মুখ্যমন্ত্ৰী এম. ষ্টেলিনে মঙলবাৰে চেন্নাই আৰু চুবুৰীয়া জিলা কাঞ্চীপুৰম, তিৰুভাল্লুৰ, চেংগালপট্টুৰ সকলো বিদ্যালয়-মহাবিদ্যালয় বন্ধ কৰাৰ কথা ঘোষণা কৰিছে। মঙলবাৰে এই অঞ্চলসমূহত অত্যন্ত প্ৰবল বৰষুণৰ সন্দৰ্ভত বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণীৰ পিছতে এই বন্ধৰ ব্যৱস্থা কৰা হৈছে। সোমবাৰে সচিবালয়ৰ নেতৃত্বত অনুষ্ঠিত বৈঠকৰ পাছতে এই জিলাসমূহত বিদ্যালয় আৰু মহাবিদ্যালয় বন্ধ ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে।
ষ্টেলিনে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই (আৰ এম চি) জাৰি কৰা প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণীৰ বাবে ১৫ আৰু ১৬ অক্টোবৰত চেন্নাই আৰু ওচৰৰ জিলাসমূহৰ আই টি কোম্পানীসমূহক ঘৰৰ পৰাই কাম কৰাৰ অনুমতি দিয়াৰ প্ৰস্তাৱো আগবঢ়াইছে। মুখ্যমন্ত্রীয়ে ৰাজ্যিক দুর্যোগ প্রতিক্রিয়া বাহিনী আৰু ৰাষ্ট্রীয় দুর্যোগ প্রতিক্রিয়া বাহিনীক বান প্রৱণ এলেকাত পর্যাপ্ত জোৱান আৰু সা-সঁজুলি নিয়োগ কৰিবলৈ নির্দেশ দিছে৷ তেওঁ আজি, বৰষুণ আৰম্ভ হোৱাৰ পূৰ্বে বানপানীৰ ফলত ক্ষতিগ্ৰস্ত অঞ্চলসমূহত প্ৰয়োজনীয় নাও নিয়োগ কৰিবলৈও বিষয়াসকলক নিৰ্দেশ দিয়ে।
বান সাহায্য অভিযানৰ বাবে নিজ নিজ জিলা প্ৰশাসনৰ সৈতে সমন্বয় স্থাপন কৰিবলৈ প্ৰতিখন জিলাৰ দায়িত্বত থকা বিষয়াসকলক আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে।
আঞ্চলিক বতৰ বিজ্ঞান বিভাগে চেন্নাই আৰু তামিলনাডুৰ চুবুৰীয়া জিলা তিৰুভাল্লুৰ, চেংগালপট্টু, আৰু কাঞ্চিপুৰমৰ বাবে ১৫ আৰু ১৬ অক্টোবৰৰ পৰা কাৰ্যকৰী হোৱা ৰঙা সতৰ্কবাণী জাৰি কৰিছে। ৰানিপেট, তিৰুৱন্নমলাই, ভিল্লুপুৰম, ভেল্লোৰ, তিৰুপট্তুৰ, কৃষ্ণগিৰি, ধৰ্মপুৰী, চেলেম, কল্লাকুৰিচি, আৰু কুড্ডালোৰ জিলাৰ বাবে কমলা আৰু হালধীয়া ৰঙৰ সতৰ্কবাণী জাৰি কৰা হৈছে। তামিলনাডুৰ বাকী অংশত বিশেষকৈ উত্তৰ অঞ্চল আৰু দক্ষিণ তামিলনাডুৰ কিছুমান অঞ্চলত লঘুৰ পৰা মধ্যমীয়া বৰষুণৰ সম্ভাৱনা আছে।
একে সময়তে তামিলনাডুৰ উপ-মুখ্যমন্ত্ৰী উধয়ানিধি ষ্টেলিনে চেন্নাই নিগমৰ সীমাৰ ভিতৰত বাৰিষাৰ প্ৰস্তুতিৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ মূল্যায়ন কৰিবলৈ চেন্নাইৰ ৰিপন বিল্ডিঙত অৱস্থিত ইন্টিগ্ৰেটেড কমাণ্ড কণ্ট্ৰল চেণ্টাৰ (আই চি চি চি) পৰিদৰ্শন কৰে। চেন্নাই নিগমৰ ভিতৰৰ অঞ্চলসমূহৰ বাবে আইচিচিচিয়ে লাভ কৰিব বান সতৰ্কবাণী আৰু প্ৰতিবেদন। ব্যক্তিসকলে জৰুৰীকালীন অৱস্থাৰ বাবে বা পানী জমা হোৱা আৰু বৰষুণৰ সৈতে জড়িত সমস্যাৰ বিষয়ে জনাবলৈ ১৯১৩ নম্বৰত আইচিচিচি হেল্পলাইনত যোগাযোগ কৰিব পাৰে।
বিভিন্ন ডিজিটেল প্লেটফৰ্ম, ৱেবছাইট, সাংবাদিক, আৰু সংস্থাৰ পৰা বাতৰি সংগ্ৰহ।