Thursday, November 21, 2024

ছেপ্টেম্বৰ মাহত বাংলাদেশত সংঘটিত যান-বাহন দুৰ্ঘটনাত ৪০০ৰো অধিক লোকৰ মৃত্যু।

Share

সোমবাৰে ইয়াত প্ৰকাশ পোৱা এক প্ৰতিবেদন অনুসৰি ছেপ্টেম্বৰৰ ভিতৰত বাংলাদেশৰ পথ, ৰেলপথ, জলপথত সংঘটিত হোৱা ৩৯২টা দুৰ্ঘটনাত মুঠ ৪২৬ জন ব্যক্তিয়ে প্ৰাণ হেৰুৱাইছে আৰু ৮১৩ জন আহত হৈছে। স্থানীয় বেচৰকাৰী সংস্থা ৰোড ছেফটি ফাউণ্ডেচনে প্ৰকাশ কৰা অনুসৰি নিহতসকলৰ ভিতৰত ৬১ গৰাকী মহিলা আৰু ৫৩ গৰাকী শিশুও আছে।

ফাউণ্ডেচনটোৱে জনোৱা মতে, ১৬৪টা মটৰ চাইকেল দুৰ্ঘটনাত ১৭৯ জন ব্যক্তিয়ে প্ৰাণ হেৰুৱাইছে, যিটো সামগ্ৰিক মুঠ দুৰ্ঘটনাৰ প্ৰায় ৪২ শতাংশ। ইয়াৰ উপৰিও জলপথৰ আঠটা দুৰ্ঘটনাত ১১ জন লোকৰ মৃত্যু, চাৰিজন আহত আৰু দুজন ব্যক্তিৰ এতিয়াও হিচাপ নাই। তদুপৰি, ছিনহুয়া সংবাদ সংস্থাই প্ৰকাশ কৰা অনুসৰি, ১৭খন ৰে’লৰ কাণ্ড সংঘটিত হৈ ১৩ জন লোকৰ প্ৰাণ কাঢ়ি নিয়াৰ লগতে আন ৯ জন লোক আহত হয়।

সংস্থাটোৱে জনোৱা মতে, দক্ষিণ এছিয়াৰ দেশখনৰ ৰাষ্ট্ৰীয় বাতৰি কাকত, অনলাইন বাতৰি ৱেবছাইট, ইলেক্ট্ৰনিক সংবাদ মাধ্যমে প্ৰকাশ কৰা প্ৰতিবেদনৰ পৰা এই তথ্য আহৰণ কৰা হৈছে।

বিভিন্ন ডিজিটেল প্লেটফৰ্ম, ৱেবছাইট, সাংবাদিক, আৰু সংস্থাৰ পৰা বাতৰি সংগ্ৰহ।

Read more

Local News