Monday, November 25, 2024

বাল্য বিবাহ তথা কিশোৰী সকলক গৰ্ভৱতী হোৱা প্ৰতিহত কৰিবলৈনগাঁও জিলা আয়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত গুৰুত্বপূৰ্ণ বৈঠক সম্পন্ন

Share

ৰূপহীহাট, ১০ ছেপ্তেম্বৰঃ মহিলা আৰু শিশু বিকাশ বিভাগৰ সৌজন্যত আৰু জিলা প্ৰশাসনৰ সহযোগত, আজি ইং ৯ চেপ্তেম্বৰ ২০২৪ তাৰিখে, নগাঁও জিলাৰ জিলা আয়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত বাল্য বিবাহ তথা কিশোৰী সকলক গৰ্ভৱতী হোৱা প্ৰতিহত কৰিবলৈ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। উক্ত সভাত বিভিন্ন বিভাগৰ পৰা অহা বিষয়াসকলৰ সৈতে জিলা কাৰ্য পৰিকল্পনাত তেওঁলোকৰ মতামতৰ লগতে শিশু বিবাহ আদিৰ দৰে গুৰুত্বপূৰ্ণ সমস্যাসমূহ ৰোধ কৰাৰ ক্ষেত্ৰত ল’ব পৰা ব্যৱস্থা সমূহ বহলভাৱে আলোচনা কৰা হয় । অতিৰিক্ত জিলা আয়ুক্ত শ্ৰীমতী কাকুমনি শইকীয়া, অঃঅঃসেঃৰ সভাপতিত্বত অনুষ্ঠিত উল্লেখিত সভাত সমল ব্যক্তি হিচাবে উপস্থিত থাকে ইউনিচেফৰ কনছালটেণ্ট আশীষ চৰকাৰ।


জিলা সমাজ কল্যান বিষয়া ভোলানাথ পেগু, জিলা কাৰ্যক্ৰম সমন্বয়ক তথা জিলা মিছন সমন্বয়ক কুইন বৰা, জিলা আইন সেৱা প্ৰাধিকৰণৰ পৰা অহা সচিব মুনমী নেওগ, গৃহ বিভাগৰ পৰা অহা উপ-আৰক্ষী অধীক্ষক, উপ মুখ্য কাৰ্যবাহী বিষয়া, জিলা শিশু সুৰক্ষা বিষয়া, শিশু সুৰক্ষা সমিতিৰ অধ্যক্ষা, স্বাস্থ্য বিভাগৰ প্ৰতিনিধি, শিক্ষা বিভাগৰ প্ৰতিনিধি, অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযানৰ পৰা অহা জিলা প্ৰগ্ৰেম মেনেজাৰ আৰু স্বেচ্ছাসেৱী অনুষ্ঠান গ্ৰাম বিকাশ পৰিষদ, প্ৰতীক্ষা, নিউ প্ৰেৰণা আৰু সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সংস্থা, চিডিপিঅ আৰু মুখ্য সেৱিকা সকলক উপস্থিত থাকে।


তৈয়াবুৰ ৰহমান
ৰূপহীহাট, 8486024256

Read more

Local News