Thursday, November 21, 2024

গুৱাহাটীত বিপুলসংখ্যক দৰ্শকৰ উপস্থিতিত মুকলি হ’ল লোকেল কুংফু ৩ৰ প্ৰিমিয়াৰ – দৰ্শকে উপভোগ কৰিলে প্ৰত্যাশিত হাঁহি, একচন আৰু আৱেগৰ মধুময় সংমিশ্ৰণ

Share

গুৱাহাটী, ২ ছেপ্টেম্বৰ ২০২৪: শেহতীয়াকৈ গুৱাহাটীৰ আইদেউ চিনেমা হলৰ দৰ্শকেৰে ঠাহ খাই থকা পৰিৱেশত বহুপ্ৰত্যাশিত লোকেল কুংফু ৩ ৰ প্ৰিমিয়াৰ অনুষ্ঠিত হয়। লোকেল কুং ফু ২ মুকলিৰ ৮ বছৰৰ পিছত শৃংখলাটোৰ এই তৃতীয়খন চলচ্চিত্ৰই হাঁহি আৰু একচনৰ এক নতুন কাহিনীৰ মাজেৰে সমূহ দৰ্শকক লোকেল কুং ফু ১ৰ প্ৰিয় চৰিত্ৰবোৰলৈ ওভতাই লৈ যায়। প্ৰিমিয়াৰৰ সময়ছোৱাত দৰ্শকসকলে উল্লাসপূৰ্ণভাৱে প্ৰাণ খুলি হঁহাৰ সমান্তৰালকৈ কাহিনীটোৰ আৱেগিক মুহূৰ্তবোৰৰ দ্বাৰা বিস্মিত হোৱাও দেখা যায়।

পৰিচালক-প্ৰযোজক কেনী দেউৰী বসুমতাৰীয়ে কয় যে ৫ ছেপ্টেম্বৰ অৰ্থাৎ শিক্ষক দিৱসৰ দিনাখন ছবিখনে মুক্তিলাভ কৰিবলৈ ওলোৱাটো সঁচাকৈয়ে এক কাকতালীয় ঘটনা কিয়নো শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজৰ সম্পৰ্কই হৈছে ছবিখনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়। চলচ্চিত্ৰখনত এগৰাকী আদৰ্শ শিক্ষকৰ চৰিত্ৰত অভিনয় কৰি বিভূতি ভূষণ হাজৰিকাই কয়, “সাধাৰণ কেনী ষ্টাইলত ধেমালি আৰু কৌতুকৰ মাজেৰে এই ছবিখনৰ জৰিয়তে কিছুমান অতি গুৰুত্বপূৰ্ণ বাৰ্তা দিয়া হৈছে।”

প্ৰিমিয়াৰত লিমা দাস, হৰপাল শইকীয়া আৰু মুনমী ফুকনকে ধৰি কেইবাগৰাকীও জনপ্ৰিয় ব্যক্তি উপস্থিত আছিল। “উন্নত একচন কৰিঅ’গ্ৰাফী, সঠিক সময়ত প্ৰয়োগ কৰা হাস্যৰস আৰু সূক্ষ্ম ৰাজনৈতিক ভাষ্যৰ সৈতে ‘লোকেল কুং ফু’ শৃংখলাৰ এই তৃতীয়খন চলচ্চিত্ৰই সঁচাকৈয়ে আমাৰ চৌপাশৰ পৰিৱেশৰ সৈতে খাপ খাই পৰা হাঁহিৰ সঁফুৰা আগবঢ়াই দিছে।” চলচ্চিত্ৰ সমীক্ষক সুজাতা হাতী বৰুৱাই কয়।

সংগীত আৰু গানবোৰ হৈছে লোকেল কুং ফু ৩ ৰ এক অতি গুৰুত্বপূৰ্ণ অংশ। চলচ্চিত্ৰখনত উপলব্ধ ৮টা গানত আচুৰ্য্য বৰপাত্ৰ, শাশ্বতী ফুকন, ৰাজ জ্যোতি কোঁৱৰ, অম্বৰ দাস আৰু নীল আকাশৰ দৰে অভিজ্ঞ শিল্পীসকলৰ লগতে জনম কাশ্যপ, শ্ৰুতি আৰু স্নেহা শৰ্মাৰ দৰে যুৱ গায়কসকলেও কণ্ঠদান কৰিছে। গানবোৰ সকলো ষ্ট্ৰীমিং প্লেটফৰ্মত উপলব্ধ হোৱাৰ লগতে কেইবাটাও গীতৰ মিউজিক ভিডিঅ’ ইউটিউবত উপলব্ধ কৰা হৈছে। টনি দেউৰী বসুমতাৰী আৰু ডেৰিক ক’ৰিয়াই একেলগে চলচ্চিত্ৰখনৰ অনন্য আৱহ সংগীতসমূহৰ ব্যৱস্থাপনা কৰিছে। লাপাচ্চাপী চলচ্চিত্ৰখনৰ বাবে শ্ৰেষ্ঠ আৱহ সংগীত শিতানত মাৰাঠী ফিল্মফেয়াৰ বঁটা লাভ কৰা টনিয়ে লোকেল কুং ফু ৩ ত মণ্টু দা হিচাপে তেওঁৰ জনপ্ৰিয় চৰিত্ৰটোৰ পুনৰাবৃত্তি কৰিছে।

গুৱাহাটীৰ উপৰি মৰিগাঁও আৰু কোকৰাঝাৰৰ পৰাও মুঠ ৩৮ জন যুঁজাৰু নিয়োগেৰে সম্ভৱ কৰি তোলা একচন দৃশ্যাৱলী হৈছে ছবিখনৰ আন এক মুখ্য আকৰ্ষণ। যুঁজাৰুসকলৰ ভিতৰত আছে নেচনেল গেমছ টাইকোৱাণ্ডো ব্ৰঞ্জ পদক বিজয়ী ঋষভ চৌধুৰী, যিয়ে তেওঁৰ ভাতৃ ৰবিৰ সৈতে ছবিখনৰ এটা গুৰুত্বপূৰ্ণ দৃশ্যাংশত অভিনয় কৰিছে।

দলটোৱে কোনো তাঁৰ বা ৰছীৰ ব্যৱহাৰ নকৰাকৈ একচনসমূহৰ দৃশ্যগ্ৰহণ সম্পন্ন কৰিছে। কেনীয়ে কয়, “আমি ৫ জন নায়ক আৰু ২৪ টা গুণ্ডাৰ সৈতে এখন বিশেষ যুঁজৰ পৰিকল্পনা কৰিছোঁ যি অবিৰতভাৱে ৭২তম পদবিন্যাসলৈ চলি থাকে। এইটো আমাৰ এটা গুৰুত্বপূৰ্ণ বিষয়, কিয়নো আমি দেখুৱাব বিচাৰিছিলোঁ যে এটা দক্ষ দলে অবিৰাম গতিৰে এখন দীঘলীয়া যুঁজ সম্পন্ন কৰিব পাৰে।”

নিৰ্মাণৰ সময়ত সমূহ কলা-কুশলীয়ে উপভোগ কৰাৰ সমানেই ছবিখন দৰ্শকসকলৰ বাবেও উপভোগ্য হ’ব বুলি দলটোৱে আশা কৰিছে। অসমৰ লগতে, তেওঁলোকে ৫ ছেপ্টেম্বৰৰ পৰা নাহৰলগুন, ইটানগৰ, শ্বিলং, ডিমাপুৰ আৰু ১৩ ছেপ্টেম্বৰৰ পৰা ভাৰতৰ বাকী মহানগৰসমূহত অনুষ্ঠান আয়োজনৰ লক্ষ্য গ্ৰহণ কৰিছে।

Read more

Local News