👉জুৰীয়াত বিদ্যুত বিভাগৰ বিৰুদ্ধে নগাঁও জিলা সংখ্যালঘু সংগ্ৰাম পৰিষদৰ উত্তাল প্ৰতিবাদ।
👉প্ৰতিবাদকাৰী সকলে জুৰীয়াৰ বজাৰৰ পৰা পৰা এক বিশাল পদযাত্ৰাৰ ওলিয়াই বিদ্যুৎ বিভাগৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান দি উপস্থিত হয় ৰুপহী ৰাজহ চক্ৰ কাৰ্যালয় চৌহদত।
👉প্ৰতিবাদকাৰী সকলে স্মাৰ্ট মিটাৰৰ বৰ্ধিত বিল আৰু সঘনাই বিদ্যুৎ কৰ্তন কৰাৰ লগতে বিদ্যুৎৰ লুকা-ভাকুৰ বিৰুদ্ধে ৰুপহী ৰাজহ চক্ৰ বিষয়াৰ জড়িয়তে অসমৰ মুখ্যমন্ত্ৰী, শক্তি মন্ত্ৰী, নগাঁও জিলা আযুক্ত আৰু চামগুৰি বিদ্যুত সংমণ্ডল বিষয়ালৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে৷
👉মূল্যবৃদ্ধিয়ে সৰ্ব সাধাৰণ ৰাইজক জুৰুলা কৰা সময়তে স্মাৰ্ট মিটাৰ জৰিয়তে ৰামটাঙোণ সুধাইছে ৰাইজক।
👉মুখ্যমন্ত্ৰীয়ে কেৱল নিজৰ পত্নীৰ কথাই চিন্তা কৰে ৰাজ্যবাসীৰ কোনো খবৰ নাৰাখে বুলি মন্তব্য অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ।
👉স্মাৰ্ট মিটাৰৰ পৰিবৰ্তে পুৰণা মিটাৰ লগোৱাৰ ব্যৱস্থা কৰাৰ দাবী।
প্ৰতিবাদ কাৰীয়ে আৰক্ষীৰ বাধা নেওচি ৰূপহী ৰাজহ চক্ৰ বিষয়াৰ প্ৰৱেশদ্বাৰ ভাঙি ঘেৰাও কৰে চক্ৰ বিষয়া কাৰ্য্যলয়৷
অসমৰ শক্তিমন্ত্ৰীৰ পদত্যাগৰ দাবীৰে উত্তাল প্ৰতিবাদ৷
প্ৰতিবাদত আৰক্ষীৰ হতাহতিত আহত নগাঁও জিলা সংগ্ৰাম পৰিষদৰ সভাপতি মোছাব্বিৰ আলী আহমেদ৷