নগাঁও স্বাস্থ্য বিভাগত বিয়াগোম কেলেংকাৰীৰ কথা পোহৰলৈ আহিছে।
👉 ক্লিনিকেল এস্টাব্লিছমেন্টৰ অনুমতি নথকাকৈ প্ৰায় ফাৰ্মাছিতে চলাই আছে ডাক্টৰৰ চেম্বাৰ।
👉 সদৌ অসম পঞ্জীয়নভুক্ত ফাৰ্মাছিষ্ট সন্থাৰ উপদেষ্টা ডাঃ কামাল হাছানে সদৰি কৰিছে এই তথ্য।
👉 এই সন্দৰ্ভত নগাঁও জিলাৰ ঔষধ পৰিদৰ্শকে ৰহস্যজনক ভাৱে মন্তব্য দিয়াৰ পৰা বিৰত থাকে যদিও জিলা যুটিয়া স্বাস্থ্য সঞ্চালক গৰাকীয়ে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস দিয়ে সাংবাদিক।
Vo:- নগাঁৱত কাঠফুলাৰ দৰে গঢ়লৈ উঠা ফাৰ্মাচী সমূহত ক্লিনিকেল এস্টাব্লিছমেন্টৰ প্ৰমাণ পত্ৰ নথকাকৈ ডাক্টৰৰ চেম্বাৰ বহুৱাৰ বিৰুদ্ধে এইবাৰ গৰজি উঠিছে সদৌ অসম ৰেজিষ্টাৰ্ড ফাৰ্মাচিষ্ট ইউনিয়ন। এখন ফাৰ্মাছিৰ অনুজ্ঞাপত্ৰ লাভ কৰিবলৈ ফাৰ্মাছিষ্ট সকলে No Doctors Chembers Affidevit নামৰ এখন শপতনামা দাখিল কৰিব লাগে। কিন্তু সেই শপতনামা দাখিল কৰাৰ পাছতো নীতি বহিৰ্ভূত ভাৱে ডাক্টৰৰ চেম্বাৰ চলাই আছে গৰিষ্ঠসংখ্যক ফাৰ্মাছিয়ে।
আজি সংগঠন টোৰ এটা সজাতি দলে নগাওঁ জিলা ঔষধ পৰিদৰ্শকক সাক্ষাৎ কৰি এই বিষয়ে সবিশেষ আলোচনা কৰাৰ লগতে সৰ্ব সাধাৰণ ৰাইজৰ স্বাস্থ্যৰ সৈতে হেতালি খেলা এনে বিসংগতি পূৰ্ণ ফাৰ্মাচী আৰু লেবৰেটৰী সমূহৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়াৰ জৰিয়তে দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰে। লগতে সদৌ অসম ৰেজিষ্টাৰ্ড ফাৰ্মাচীষ্ট ইউনিয়নৰ উপদেষ্টা ডাক্তৰ কামাল হাচানে সংবাদিকৰ আগত কয় যে অতি কম সময়ৰ ভিতৰতে এনে দূস্কাৰ্য্য সংঘটিত কৰা ফাৰ্মাচী আৰু লেৱৰেটৰী সমূহ বন্ধ কৰাৰ বাবে বিভাগৰ কৰ্তৃপক্ষলৈ আহ্বান জনায়। অন্যথা এক বৃহৎ আন্দোলনৰ কাৰ্য্যসূচী গ্ৰহণ কৰা হ’ব বুলি সকিয়াই দিয়ে। নাৰ্চিংহোমৰ মালিক পক্ষক বিভাগীয় কৰ্তিপক্ষই অতি শীঘ্ৰে আইনী প্ৰক্ৰিয়াৰে জেললৈ প্ৰেৰণ কৰিবলৈও দাবী উত্থাপন কৰে। অন্যহাতে বিভিন্ন লেৱৰেটৰী আৰু নাৰ্চিংহোমৰ সমূহে এজন পেথলজিষ্টৰ চহী চপা কৰি জধে মধে বিভিন্ন পৰীক্ষাৰ ৰিপোৰ্টত চহী কৰাই আছে আৰু ই এক আইন বিৰুদ্ধ কাৰ্য বুলি ডাঃ কামাল হাছানে মন্তব্য কৰে।