অসামৰিক বিমান পৰিবহণৰ ৰাজ্যিক মন্ত্ৰী মুৰলীধৰ মোহলে শুকুৰবাৰে ৰাজ্যসভাত অৱগত কৰে যে দেশৰ ড্ৰ’ন উদ্যোগ দ্ৰুতগতিত বৃদ্ধি পাইছে।
তেওঁৰ মতে অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে এই পৰ্যন্ত ১৬ হাজাৰ ৰিম’ট পাইলট চাৰ্টিফিকেট (RPC) প্ৰদান কৰিছে।
তেওঁ উল্লেখ কৰে যে বৰ্তমান দেশজুৰি ১১৬টা ৰিম’ট পাইলট ট্ৰেইনিং অৰ্গেনাইজেশ্যন (RPTOs) আছে যিবোৰ অসামৰিক বিমান পৰিবহণ নিয়ন্ত্ৰকৰ অনুমোদন লাভ কৰিছে।
তদুপৰি ডিজিচিএই (DGCA) ৭০টা মানৱবিহীন এৰিয়েল চিষ্টেম (UAS)মডেলৰ প্ৰমাণপত্ৰ প্ৰদান কৰিছে, দেশৰ ৪৮টা ড্ৰন কোম্পানীয়ে এই মডেল নিৰ্মাণ কৰিছে।
অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে নিৰ্ধাৰণ কৰা পিএলআই(PLI) আঁচনিৰ নিৰ্দেশনা অনুসৰি ২৩টা এমএছএমই(MSMEs) নিৰ্বাচিত কৰা হৈছিল, ইয়াৰে ১১টা ড্ৰোনৰ উপাদান নিৰ্মাতা বুলি মন্ত্ৰীগৰাকীয়ে ব্যাখ্যা কৰে।
বিভিন্ন ডিজিটেল প্লেটফৰ্ম, ৱেবছাইট, সাংবাদিক, আৰু সংস্থাৰ পৰা বাতৰি সংগ্ৰহ ।