Sunday, November 24, 2024

দৰিকা শিৱসাগৰৰ চকুলোত পৰিণত হৈছে।

Share

দৰিকা শিৱসাগৰৰ চকুলোত পৰিণত হৈছে। প্ৰতি বছৰে দৰিকাই কোঁৱৰপুৰ মৌজা, হাঁহচৰা মৌজা আৰু বেতবাৰী মৌজাক ডুৱাই পেলায়। এই তিনিটা মৌজাৰ খেতি-বাতি যোৱা বহু বছৰ ধৰিয়ে নাই। বিধান সভাত দৰিকা নদীৰ বানৰ ওপৰত উপৰ্যুপৰি লাগি থকাৰ পাছত বিধান সভাতে চৰকাৰে গুৱাহাটী আইআইটিৰ বিশেষজ্ঞ সমিতি গঠন কৰি দিয়ে। কালিৰ পৰা আইআইটিৰ বিশেষজ্ঞৰ উপস্থিতিত দৰিকাৰ বান সমস্যাৰ ওপৰত লোক শুনানি অনুষ্ঠিত হৈছে। কালি শিৱসাগৰ নগৰত আলোচনা সভা হোৱাৰ পাছত আজি শিৱসাগৰ সমষ্টিৰ
বানমুখ তিনিআলি,
দিচাংমুখ পাৰ্বতীজান অফলা,
শান্তিপুৰ হাড়মতি গড়,
কোঁৱৰপুৰ শেনচোৱা আৰু
পাণবেচা গড়কোষ, মুঠ ৫ স্থানত , জন শুনানি অনুষ্ঠিত হয়। সকলো সভাতে স্থানীয় ভুক্তভোগী ৰাইজৰ মতামত গ্ৰহণ কৰা হয়। প্ৰতিখন সভাতে আইআইটিৰ চিভিল ইঞ্জিনিয়াৰিং বিভাগৰ অধ্যাপক, বিশেষজ্ঞ ড০ ৰাজীৱ কুমাৰ ভট্টাচাৰ্য, জলসম্পদ বিভাগৰ অধীক্ষক অভিযন্তা প্ৰভাত চন্দ্ৰ ৰাভা, কাৰ্যবাহী অভিযন্তা দীনেশ বুঢ়াগোহাঁই, এছডিঅ’ চন্দন বৰপাত্ৰ গোহাঁই, ৰাইজৰ দলৰ জিলা সভাপতি মুনীন্দ্ৰ লাহন, সমষ্টি সভাপতি জিতু জ্যোতি গায়ন , নগৰ সমিতিৰ সভানেত্ৰী ৰূপা বৰা আৰু অন্যান্য নেতৃবৰ্গ উপস্থিত থাকে। শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ নিজেও উপস্থিত থাকি ৰাইজৰ আৰু বিশিষ্ট নাগৰিকসকলৰ মতামত মনোযোগেৰে শুনা দেখা যায় ।

Read more

Local News