বিগত কেইটামান দিন ধৰি নগাঁও জিলাৰ জুৰীয়া আৰু ধিং অঞ্চলত এটা বাঘৰ বিচৰণে ৰাইজৰ মাজত সন্ত্ৰাসৰ সৃষ্টি কৰিছে।শেহতীয়াকৈ বাঘটো ধিঙৰ
আঠগাঁও অঞ্চলত অৱস্থান গ্ৰহণ কৰিছে। যাক লৈ এতিয়া আতংকিত হৈ পৰিছে বৃহত্তৰ অঞ্চলৰ ৰাইজ।
অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনাত আজি অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ধিঙৰ আঠগাঁৱত উপস্থিত হৈ বাঘটোৱে বিচৰণ কৰা অঞ্চলটো পৰিদৰ্শন কৰি বন বিভাগৰ বিষয়াসকলৰ পৰা সমগ্ৰ বিষয়টোৰ বুজ লয়। লগতে মন্ত্ৰী গৰাকীয়ে বাঘৰ সমস্যাৰ পৰা অঞ্চলবাসীক শীঘ্ৰেই মুক্ত কৰিবৰ বাবে
যাবতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ বন বিভাগৰ বিষয়া, কৰ্মচাৰীক নিৰ্দেশ প্ৰদান কৰে। লগতে অঞ্চলৰ ৰাইজৰ সৈতে মত-বিনিময় কৰি অতি সোনকালেই উক্ত সমস্যা সমাধান কৰাৰ আশ্বাস প্ৰদান কৰে।
মন্ত্ৰী ডাঙৰীয়াৰ সৈতে উক্ত স্থানত উপস্থিত হৈ সামগ্ৰীক পৰিবেশৰ বুজ লৈ অঞ্চলৰ ৰাইজৰ সৈতে মত-বিনিময় কৰি সকলোকে সাৱধানতা অৱলম্বন কৰি থাকিবলৈ আহ্বান জনাই নগাঁও বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই। অতি শীঘ্ৰেই ৰাইজে এই অসুবিধাৰ পৰা পৰিত্ৰাণ লাভ কৰিব বুলি মত ব্যক্ত কৰে বিধায়ক গৰাকীয়ে ।