বানৰ কৱলত পৰা জিলাখনৰ লাওখোৱা, বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যৰ পৰা ওলাই অহা এটা বয়সস্থ ঢেঁকীয়াপতীয়া বাঘে বিগত কেইদিনে ধিং ৰাজহ চক্ৰৰ অন্তৰ্গত জুৰীয়াৰ জেঙনি, পুঠিমাৰী, বলিকটীয়া, জৰামাৰী, চেনিমাৰী আদি বিভিন্ন অঞ্চলত সন্ত্ৰাসৰ সৃষ্টি কৰিছে। বন বিভাগৰ লোকৰ দ্বাৰা ট্ৰেংকুলাইজৰ জৰিয়তে বাঘটো পিঞ্জৰাবদ্ধ কৰাত বৰ্তমানলৈকে সফল নহলেও দিনে নিশাই বাঘটোৰ অনুসন্ধান তথা পিঞ্জৰাবদ্ধ কৰাৰ প্ৰচেষ্টা বিভাগটোৰ লোকসকলে অব্যাহত ৰাখিছে।
বনবিভাগ, আৰক্ষী প্ৰশাসন, জিলা প্ৰশাসন,পশু চিকিৎসা বিভাগৰ যুটীয়া সহযোগত কৰি থকা প্ৰচেষ্টা তথা অঞ্চলটোৰ বৰ্তমানৰ পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যৰে আজি ইং ১৬ জুলাই ২০২৪ তাৰিখে জিলা আয়ুক্ত শ্ৰীযুত নৰেন্দ্ৰ কুমাৰ শ্বাহ,ভাঃপ্ৰঃসেঃ মহোদয় উপস্থিত হৈ বিষয়াসকলৰ লগতে অঞ্চলবাসীৰ সৈতে মত বিনিময় কৰে।