তিৱাসকলৰ শৌৰ্য-বীৰ্যৰ প্ৰতীক জোঙাল বলহুৰ স্মৃতি যুগমীয়া তথা মধ্য অসমৰ পৰ্যটন কেন্দ্ৰবিন্দু হিচাপে গঢ়াৰ লক্ষ্যৰে অসম চৰকাৰৰ পৰ্যটন বিভাগৰ জৰিয়তে জিলাখনৰ ৰহাত নিৰ্মীয়মান “জোঙাল বলহু পৰ্যটন ক্ষেত্ৰ” ৰ পৰিদৰ্শন তথা কামসমূহৰ অগ্ৰগতিৰ বুজ লোৱাৰ উদ্দেশ্যৰে আজি ইং ১৩ জুলাই ২০২৪ তাৰিখে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা উপস্থিত হয়।
উক্ত পৰিদৰ্শনৰ সময়ছোৱাত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী পীযুষ হাজৰীকা, নগাঁও-বটদ্ৰৱা বিধানসভা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, বঢ়মপুৰ বিধানসভা সমষ্টিৰ বিধায়ক জিতু গোস্বামী, ৰহা বিধানসভা সমষ্টিৰ বিধায়ক শশীকান্ত দাস, মৰিগাঁও বিধানসভা সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী, জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ, ভাঃপ্ৰঃসেঃ, তিৱা স্বায়ত্তশাসিত পৰিষদৰ চিইএম, অসম চৰকাৰৰ পৰ্যটন বিভাগৰ উচ্চপদস্ত বিষয়াসকলৰ লগতে অন্যান্য গন্য মান্য ব্যক্তিসকল উপস্থিত থাকে।