কেউফালে বানপানী! বানপীড়িত সকলৰ পৰিস্থিতি বুজ লোৱাত ব্যস্ত হৈ পৰা মাজতে এটা ভাল খবৰে দেশ তথা ৰাজ্যবাসীৰ বাবে কঢ়িয়াই আনিলে সুখৰ বতৰা। জেষ্ঠ সাংবাদিক বিজয় শংকৰ বৰা আৰু মৌচুমী বৰাৰ জীয়ৰী বৃন্দা কাশ্যপে UNESCO Young Researchers Working in Biosphere Reserves Award ৰ বাবে নিৰ্বাচিত হৈছে। ১১ খন দেশৰ ১৫ গৰাকী বটা প্ৰাপকৰ ভিতৰত আমাৰ দেশৰ একমাত্ৰ যুৱ বিজ্ঞানী হিচাপে নিজকে পৰিচিত কৰি তোলে বৃন্দা কাশ্যপে। তেওঁ মানাহ অভয়াৰণ্যৰ গড় সংৰক্ষণৰ বিষয়ে গৱেষণা কৰিবলৈ UNESCOৰ পৰা ৫০০০ মাৰ্কিন ডলাৰৰ গ্ৰান্ট লাভ কৰিছে। অনাগত দিনত সফলতাৰ যাত্ৰা অব্যাহত ৰাখি নিজৰ তথা ৰাজ্য আৰু দেশৰ নাম উজলাই তোলক, সেয়াই কামনা কৰে বিভিন্ন দল সংগঠনে ।
মানাহ অভয়াৰণ্যৰ গড় সংৰক্ষণৰ বিষয়ে গৱেষণা কৰিবলৈ UNESCOৰ পৰা ৫০০০ মাৰ্কিন ডলাৰৰ গ্ৰান্ট লাভ কৰিছে।
Share
Read more