কঠীয়াতলী ১০ জুলাইঃ অসম চাহ মজদুৰ সংঘৰ কেন্দ্ৰীয় সমিটিৰ সভাপতি পবন সিং ঘাটোৱাৰ আৰু ডুমডুমা বিধানসভা সমষ্টিৰ বিধায়ক ৰূপেশ গোৱালাৰ আহ্বানত সমগ্ৰ অসমৰ লগতে কন্দলীটো ১১ দফীয়া দাবীৰ সমৰ্থনত ১ঘন্টীয়া ধৰ্ণা কাৰ্যসূচী পালন কৰে কন্দলীৰ চাহ মজদুৰ সংঘৰ আঞ্চলিক সমিতিৰ পাঁচ শতাধিক শ্ৰমিকে।
নগাঁও জিলা চাহ মজদুৰ সংঘৰ কেন্দ্ৰীয় সমিটিৰ উপদেষ্টা তথা কন্দলী কলঘৰ ইউনিয়নৰ সভাপতি বাবলু গোচাইতে জনাই যে অসম চাহ মজদুৰ সংঘৰ ১১ দফীয়া দাবী হ’ল চাহবাগিচা সমূহৰ চিকিৎসালয়ত উন্নত চিকিৎসা সেৱা প্ৰদান কৰা, শ্ৰমিকৰ বাসগৃহৰ ভূমিৰ স্হায়ী আবল্টিন দিয়া, চাহ বাগিচাৰ শিক্ষিত নিবনুৱা সকলক কৰ্ম সংস্থাপন দিয়া, বাসগৃহবোৰৰ শৌচাগাৰ আৰু স্নানাগাৰ সমূহ উন্নত কৰা, বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰা, ২০১৬ চনতে কেঁচা চাহ চিঙা মজুৰিৰ ম্যাদ ওকলাৰ পিছতো আজিলৈকে মজুৰি বৃদ্ধি নকৰা, গতানুগতিক ভাৱে কৰ্মৰত হৈ থকা কৰ্মচাৰী সকলৰ পদোন্নতিৰ ব্যৱস্থা কৰাকে আদি কৰি ১১ টা দাবী মানি নোলোৱালৈকে অসম চাহ মজদুৰ সংঘৰ কেন্দ্ৰীয় সমিটিৰ নেতৃত্বৰ আহ্বানত এই আন্দোলন চলিয়েই থাকিব বুলি জনাই ধৰ্ণাকাৰী সকলে।
ধৰ্ণাকাৰী সকলে ইন ক্লাব জিন্দাবাদ, আমাৰ দাবী মানিবয়ে লাগিব, অসম চাহ মজদুৰ সংঘ জিন্দাবাদ আদি শ্লগান দি কন্দলী চাহ বাগিচা উত্তাল কৰি তোলে। একঘণ্টীয়া ধৰ্ণা কাৰ্যসূচীৰ অন্তত কন্দলী চাহ বাগিচাৰ মুখ্য পৰিচালক দিগন্ত ৰাজখোৱাৰ হাতত ১১দফীয়া দাবী সম্বলিত স্মাৰক পত্ৰখন প্ৰদান কৰে।
কমলেশ্বৰ শইকীয়া
কঠীয়াতলী।