Sunday, November 24, 2024

জুৰীয়াৰ সুতিৰপাৰৰ কেবাখনো ৰাজহ গাওঁ প্লাবিত ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত।

Share

উজনি পৰা নামনিলৈকে ৰাজ্যৰ কেইবাখনো জিলাৰ বিস্তীৰ্ণ এলেকা বানপানীৰ কবলত। সমান্তৰাল ভাৱে বাঢ়নী পানীৰ কৱলত জুৰীয়াৰ সুতিঁৰপাৰৰ চিতলমাৰী বিলত লগতে লাওখোৱা আৰু বুঢ়াচাপৰি অভয়াৰণ্যৰ দাঁতিকাষৰীয়া অঞ্চল। বহু বিঘা মাটিৰ কৰা‌ ধান, মৰাপাট খেতি পথাৰকে ধৰি ঘৰ দুৱাৰ সকলো বৰ্তমান পানীৰ কৱলত । চাৰিওফালে কেৱল পানী আৰু পানী । হাহাকাৰ পৰিস্থিতিৰ সন্মুখীন বন্যাতৰ। যাৰ বাবে নিজ গৃহ এৰি টালি-টোপোলা বান্ধি ঘৰচীয়া জন্তুৰ সৈতে ঢাপলি মেলি ওখ স্থানলৈ যাবলৈ প্ৰস্তুত হৈছে এই সকল।

এই অঞ্চলৰ বিদ্যালয়, মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে টুলুঙা নাওৰে বিপদ সংকুল ভাবে যাতায়ত কৰিবলগীয়া হৈছে । আনহাতে এই বন্যৰ্ত সকল নিজৰ খাদ্য লগতে ঘৰচীয়া জীৱ-জন্তুৰ খাদ্যৰ সংকটৰ ভুগিছে ।

Read more

Local News