Monday, November 25, 2024

দেশত আজিৰে পৰা বলৱৎ হোৱা তিনি খন নতুন আইন সম্পৰ্কে জুৰীয়াত সজাগতা সভা।

Share

জুৰীয়া ১ জুলাই:-জুৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত জুৰীয়া গাওঁ পঞ্চায়ত কাৰ্যালয়ত জুৰীয়া গাওঁৰক্ষী বাহিনীৰ সভাপতি নাগিব হুছেইনৰ সভাপতিত্বত ব্ৰিটিছৰ দিনৰে পৰা দেশত কাৰ্য্যকৰী হৈ থকা তিনিখন আইন ক্ৰমে ভাৰতীয় দণ্ডবিধি আইন, ভাৰতীয় ফৌজদাৰী কাৰ্যবিধি আইন আৰু ভাৰতীয় সাক্ষ্য আইনক সমাপ্ত কৰি সমগ্ৰ দেশত আজিৰে পৰা কাৰ্য্যকৰী(( From Colonial To Indian::Embracing New laws for a new Era)) হোৱা ভাৰতীয় ন্যায় সনহিতা২০২৩ (BNS), ভাৰতীয় নাগৰিক সুৰক্ষা সনহিতা ২০২৩ (BNSS) আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম, ২০২৩ (BSA) ক লৈ ৰাইজৰ মাজত এক সজাগতা সভা অনুষ্ঠিত হয় ৷

সভাখনত নগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধিক্ষক প্ৰনব জোতি কলিতা আৰু জুৰীয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জীৱ তেৰাঙে নতুন আইনে ভাৰতীয় ন্যায় ব্যৱস্থাক পূৰ্বতকৈ খৰতকীয়া কৰিব বুলি উল্লেখ কৰি কয় যে নতুন আইনে ৰাইজক যথেষ্ট সহায় কৰিব কাৰণ নিৰ্দিষ্ট সময়ৰ ভিতৰত একোটা গোচৰ নিষ্পত্তি কৰিব লাগিব । ইয়াৰ উপৰিও আদালতত গোচৰ প্ৰমাণৰ ক্ষেত্ৰত দাখিল কৰিব লগীয়া সাক্ষীৰ লগতে তথ্য-প্ৰমাণৰ ক্ষেত্ৰতো কিছু সালসলনি ঘটোৱা হৈছে ।লগতে নতুন আইনৰ জৰিয়তে মহিলা-শিশুক অগ্ৰাধিকাৰ প্ৰদান কৰা হৈছে বুলি উল্লেখ কৰি কয় যে পুৰণি আইন অনুসৰি ভাৰতত ইমান বছৰে দণ্ড দিয়াৰ বিধান আছিল যদিও নতুন আইনৰ জৰিয়তে ন‍্যায় দিয়াৰ বিধান কৰা হৈছে। সজাগতা সভাখনত জুৰীয়া অঞ্চলৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ প্ৰতিনিধিৰ‌ লগতে শতাধিক স্থানীয় ৰাইজ উপস্থিত থাকে।

Read more

Local News