Thursday, November 21, 2024

জুৰীয়াত আৰক্ষীৰ নতুন আইন সম্পৰ্কে সজাগতা সভা।

Share

জুৰীয়া গাওঁ পঞ্চায়ত কাৰ্যালয়ত জুৰীয়া গাওঁৰক্ষী বাহিনীৰ সভাপতি নাগিফ হুছেইনৰ সভাপতিত্বত ব্ৰিটিছৰ দিনৰে পৰা কাৰ্য্যকৰী হৈ থকা তিনিখন আইন ১) ভাৰতীয় দণ্ডবিধি আইন, ২) ভাৰতীয় ফৌজদাৰী কাৰ্যবিধি আইন আৰু ৩) ভাৰতীয় সাক্ষ্য আইনক সমাপ্ত কৰি সমগ্ৰ দেশত আজিৰে পৰা কাৰ্য্যকৰী(( From Colonial To Indian::Embracing New laws for a new Era)) হোৱা ১) ভাৰতীয় ন্যায় সনহিতা২০২৩ (BNS), ২)ভাৰতীয় নাগৰিক সুৰক্ষা সনহিতা ২০২৩ (BNSS) আৰু ভাৰতীয় সাক্ষ্য অধিনীয়ম, ২০২৩ (BSA) ক লৈ ৰাইজৰ মাজত এক সজাগতা সভা অনুষ্ঠিত কৰে ৷

আজিৰ সভাখনত উপস্থিত থাকে নগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধিক্ষক প্ৰনব জোতি কলিতা জুৰীয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া Sanjib তেৰাং , সমাজসেৱক এমৰান হুছেইন, নেমছুৰ সজাতি দল ,আমছু,সদৌ অসম সংখ্যলঘু সংগ্ৰাম পৰিষদৰ নেতাকে ধৰি ভালে সংখ্যক আৰক্ষী বিষয়াকে ধৰি সৰ্ব্ব সাধাৰন পুৰুষ ও মহিলা লোক উপস্থিত থাকে ৷

Read more

Local News