বিধ্বস্ত বাট-পথৰ দুৰাৱস্হাই অতিষ্ঠ কৰি তুলিছে ৰূপহী হাটৰ ৰাইজক । সমষ্টিৰ উন্নয়নত চূড়ান্ত ব্যৰ্থ বিধায়ক নুৰুল হুদা। ৰাইজৰ তীব্ৰ প্ৰতিবাদ
বিগত প্ৰায় আঠ বছৰে ৰূপহীহাটত প্ৰতিনিধিত্ব কৰা বিধায়ক নুৰুল হুদাৰ ব্যৰ্থতাই অতিষ্ঠ কৰি তুলিছে সমষ্টিবাহীক । ৰূপহী হাটৰ বাট পথৰ দুৰৱস্থাই যমৰ যাতনা ভূগিবলগীয়া হৈছে ৰূপহী হাটবাসী ৰাইজে । বাট- পথৰ মেৰামতিৰ বাবে ৰাইজে জন প্ৰতিনিধিক আহ্বান জনাই এতিয়া ভাগৰি পৰিছে ।
ৰাইজৰ সমস্যাৰ প্ৰতি ভ্ৰূক্ষেপ নাই চৰকাৰৰ লোক নিৰ্মাণ বিভাগ তথা জন প্ৰতিনিধিৰ । সেয়েহে, পথ নিৰ্মাণ আৰু মেৰামতিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিলে স্থানীয় ৰাইজে । জুৰীয়াৰ মাহগুৰি পঞ্চায়তৰ মাহগুৰি আৰু দীঘলীআটি জনজাতিৰ গাঁৱৰ একমাত্ৰ সংযোগী অতি গুৰুত্বপূৰ্ণ পথটোৰ বিধ্বস্ত অৱস্থাই হাৰাশাস্তি ভোগাইছে স্থানীয় ৰাইজক । যাতায়াতৰ নামত ৰাইজে যমৰ যাতনা ভূগিবলগীয়া হৈছে ।
উল্লেখ্য যে, নিৰ্বাচনৰ পূৰ্বে জন প্ৰতিনিধিয়ে প্ৰতিশ্ৰুতি ঠিকেই দিয়ে । কিন্তু নিৰ্বাচন পাৰ হোৱাৰ পিছত পথটোৰ নিৰ্মাণৰ বাবে জন প্ৰতিনিধিয়ে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । ৰূপহীহাটৰ বিধায়ক নুৰুল হুদা তথা মাহগুৰি গাওঁ পঞ্চায়তৰ জন প্ৰতিনিধিৰ অৱহেলাত বছৰ বছৰ ধৰি মেৰামতি নোহোৱাকৈ পৰি ৰৈছে অঞ্চলটোৰ এই গুৰুত্বপূৰ্ণ পথছোৱা । ফলত ছাত্র-ছাত্ৰীসকলৰ লগতে ৰোগী সকলো এই বিধ্বস্ত পথটোৰেই অহা-যোৱা কৰিবলগীয়া হৈছে ।
বৰষুণৰ বতৰত চাৰিচকীয়া বাহন পথটোৰে পাৰ হোৱাটো অসম্ভৱ হৈ পৰে । কিন্তু ৰাইজৰ সমস্যাৰ প্ৰতি গুৰুত্ব নাই ৰজাঘৰীয়াৰ । বাৰম্বাৰ আহ্বান জনোৱাৰ পাছতো পথটো মেৰামতি নকৰাত ক্ষুদ্ধ হৈ আজি ৰাইজে ৰাজপথত প্ৰতিবাদ কৰিবলগীয়া হৈছে । লগতে ৰাইজৰ সমস্যাক গুৰুত্ব দি শীঘ্ৰে পথটো মেৰামতি কৰিবলৈ দাবী জনাইছে । তদুপৰি বিগত প্ৰায় আঠ বছৰে বিধায়ক নুৰুল হুদাই প্ৰতিনিধিত্ব কৰা ৰূপহী হাট সমষ্টিৰ অন্তৰ্গত সোনাই-ছাইদৰীয়া পথৰ দুৰৱস্থাই অতিষ্ঠ কৰি তুলিছে সমষ্টিবাসীক। ইফালে নগাঁও জিলাৰ লোক নিৰ্মাণ বিভাগৰ ৰহস্যজনক ভুমিকালৈ ক্ষোভিত ৰাইজ ।