Friday, November 22, 2024

আজি ধেমাজি জিলা আয়ুক্তৰ কাৰ্যালয়ত জলসম্পদ বিভাগৰ এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়।

Share

আজি ধেমাজি জিলা আয়ুক্তৰ কাৰ্যালয়ত জলসম্পদ বিভাগৰ এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। বৈঠকত জিলাখনৰ বান-খহনীয়া সমস্যা সন্দৰ্ভত আলোচনা কৰি খহনীয়াত আক্রান্ত এলেকা আৰু স্পৰ্শকাতৰ মথাউৰিসমূহত জৰুৰীকালীন পদক্ষেপ গ্ৰহণেৰে কাম কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে বিভাগীয় মন্ত্ৰী পিয়ুছ হাজৰিকাই। মূলতঃ অৰুণাচল প্ৰদেশৰ পৰা বৈ অহা পানীৰ সোঁতে ধেমাজি-লখিমপুৰ জিলাৰ বিস্তৰ ক্ষতি কৰি আহিছে।

পাৰ্কুপাইনৰ সহায়ত নৈৰ খহনীয়া ৰোধৰ বাবে ওদালগুৰি জিলাত পাইলট প্ৰজেক্ট হিচাপে কাম কৰিছিল। তাৰে ফলপ্ৰসূ সফলতা লাভ কৰাৰ বাবে এইবাৰ ধেমাজি জিলাতো পাৰ্কুপাইনৰ সহায়ত নৈৰ খহনীয়া ৰোধৰ বাবে কাম আৰম্ভ কৰিবলৈ নিৰ্দেশ দিছে।

জিলাখনৰ বিভিন্ন স্থানত থকা মথাউৰি, খহনীয়াত আক্ৰান্ত এলেকাৰ দৃশ্য-শ্ৰাব্য ভিজুৱেলসমূহ চাই উক্ত স্থানত জৰুৰীকালীন পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে।

আজিৰ এই বৈঠকত সাংসদ প্ৰদান বৰুৱা, বিধায়ক ভুৱন পেগু, জিলা আয়ুক্ত, জিলা আৰক্ষী অধীক্ষক, জলসম্পদ বিভাগৰ মুখ্য অভিযন্তা, কাৰ্যবাহী অভিযন্তা জিলা প্ৰশাসনৰ বিষয়াসহ মিছিং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য শ্ৰী পৰমানন্দ চায়েঙীয়া, দেউৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য শ্ৰী ভৈৰৱ দেউৰী আৰু সোণোৱাল-কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য শ্ৰী টংকেশ্বৰ সোণোৱাল উপস্থিত থাকে।

Read more

Local News