নগাঁও ক্ৰীড়া সংস্থাৰ সভাপতিৰ দায়িত্বভাৰ গ্ৰহণৰ পাছতে ক্ৰীড়া ক্ষেত্ৰখনৰ উন্নয়নৰ লগতে সংস্থাৰ আন্ত:গাঠনি উন্নয়নৰ উদ্দেশ্যে অহৰহ প্ৰচেষ্টা গ্ৰহণ কৰি আহিছে নগাঁও সদৰ বিধানসভা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই। বিশেষকৈ নগাঁও ক্ৰীড়া সংস্থাৰ ইনডৰ ষ্টেডিয়ামৰ পুনৰ নিৰ্মাণৰ ওপৰি বিধায়ক পূঁজিৰ জৰিয়তে এটি জিনমাষ্টিক হ’ল নিৰ্মাণ কৰা হৈছে। ইয়াৰোপৰি চুইমিং পুলকে ধৰি ক্ৰীড়া ক্ষেত্ৰখনৰ উন্নয়নৰ হকে প্ৰয়োজনীয় সকলো কাম কৰি থকা হৈছে।
নগাঁও ইনডৰ ষ্টেডিয়াম পৰিদৰ্শন কৰি কামৰ অগ্ৰগতিৰ বুজ লৈ টেবুল টেনিছৰ প্ৰশিক্ষণ গ্ৰহণ কৰা খেলুৱৈ সকলৰ সৈতে মত-বিনিময় কৰি তেওঁলোকক উৎসাহিত কৰে বিধায়ক ৰূপক শৰ্মাই।