আজি কেৰিয়াৰ পইন্ট কম্পিউটাৰ এডুকেশ্বনৰ তৰফৰ পৰা বিশ্ব পৰিৱেশ দিৱস উপলক্ষে বৃক্ষৰোপণ কাৰ্যসূচীৰ আয়োজন কৰা হয়। উক্ত অনুষ্ঠানটো পুৱা ৯ বজাত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা ডাঙৰীয়াৰ উপস্থিতিত বৃক্ষৰোপণ কাৰ্যসূচী আৰম্ভ কৰা হয়। ইয়াৰ পিছত নগাঁও চহৰৰ বিভিন্ন শিক্ষানুষ্ঠান সমূহতো একোটাকৈ গছ পুলি ৰোপন কৰাৰ লগতে অঞ্চলটোৰ বিভিন্ন ঠাইত প্ৰতিষ্ঠানটোৱে গছ পুলি ৰোপন কৰে । উক্ত অনুষ্ঠানটোত কম্পিউটাৰ প্ৰতিষ্ঠানটোৰ পৰিচালক গৌৰৱ আগমাচাৰ্য্যৰ লগতে প্ৰতিষ্ঠানটিৰ শিক্ষক শিক্ষয়িত্ৰী হিয়া শৰ্মা, জয়শ্ৰী প্ৰিয়ম ডেকা আৰু ফাইজ উদ্দিন শ্বেইখ ৰ লগতে যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰীৰ উপস্থিতি দেখা পোৱা যায়।
ইয়াৰ পিছত দিনৰ ১২ বজাৰ লগে লগে কম্পিউটাৰ প্ৰতিষ্ঠানত চিত্ৰাংকন প্ৰতিযোগিতা আয়োজন কৰা হয়। উক্ত প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে আলিচা আহমেদ, দ্বিতীয় স্থান লাভ কৰে সাৰাংগ বৰা আৰু তৃতীয় স্থান যুটীয়া ভাৱে লাভ কৰে গায়েত্ৰী কলিতা আৰু সুৰাংগনা কাশ্যপ। বিয়লি ৪ বজাৰ লগে লগে অনুষ্ঠানটি সুন্দৰ ভাৱে সমাপ্তি ঘটে।
প্ৰতিষ্ঠানটিৰ পৰিচালক গৌৰৱ আগমাচাৰ্য্য য়ে কয় যে ” কেৰিয়াৰ পইন্ট কম্পিউটাৰ এডুকেশ্বনে সদায়ে সমাজ তথা ছাত্ৰ ছাত্ৰীৰ উন্নয়ৰ বাবে কাম কৰি আহিছে আৰু কৰি যাব। কেৱল বৃক্ষৰোপণেই নহয় বিভিন্ন সময়ত প্ৰয়োজনীয় লোকক খাদ্য বিতৰণ, ছাত্ৰ ছাত্ৰী সকলৰ বাবে বিনামূলীয়া নামভৰ্তিকৰণ তথা বিভিন্ন সময়ত সম্পূৰ্ণ বিনামূলীয়া কম্পিউটাৰ প্ৰশিক্ষণৰ ব্যৱস্থাও কৰি আহিছে ।
আৰু যিদৰে গছ- গছনি কাটি পৰিৱেশৰ যথেষ্ট পৰিমাণে ক্ষতি সাধন হৈছে তাৰ বাবে আমি সকলোৱে সময় উলিয়াই বছৰত অতি কমেও দুই তিনিবাৰকৈ বৃক্ষৰোপণ কৰিব লাগে। নহ’লে যিদৰে গোলকীয় উষ্ণতাৰ বৃদ্ধি হৈছে মানুহৰ জীৱন ধাৰণত বহু সমস্যাৰ সৃষ্টি হ’ব।”