Sunday, November 24, 2024

ৰাজ্যজুৰি সদৌ অসম ছাত্র সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী।

Share

ৰাজ্যজুৰি সদৌ অসম ছাত্র সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী। বিদ্যুতৰ মাচুল বৃদ্ধি আৰু অনিয়মীয়া বিদ্যুৎ যোগানৰ প্ৰতিবাদত বৃহস্পতিবাৰে সমগ্ৰ ৰাজ্যৰ লগতে কলিয়াবৰতো ৰাজপথ অৱোৰধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই।

বিদ্যুতৰ মাচুল বৃদ্ধি আৰু অনিয়মীয়া বিদ্যুৎ যোগানৰ প্ৰতিবাদত শক্তি বিভাগৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে আছুৰ সদস্যসকলে। শক্তিবিভাগৰ প্ৰতিকৃতি দাহ কৰাৰ লগতে শক্তিমন্ত্ৰী মুদ্দাবাদ, অসম চৰকাৰ হায় হায় আদি ধ্বনি দি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই। স্মাৰ্ট মিটাৰ দিলেই নহ’ব, শক্তি বিভাগটোও স্মাৰ্ট হ’ব লাগিব- কলিয়াবৰত এই দাবী ছাত্ৰ সন্থাৰ বিষয়ববীয়াৰ। শীঘ্ৰেই বিদ্যুতৰ যোগান নিয়মীয়া কৰাৰ লগতে বিদ্যুৎ মাচুল হ্ৰাস কৰাৰ দাবী ছাত্ৰ সন্থাৰ ৷

Read more

Local News