Wednesday, November 27, 2024

কৰদৈগুৰিত ফেঁচা-মানুহৰ সংঘাত-ফেঁচাৰ সন্ত্ৰাসত চাৰিজন লোক আঘাতপ্ৰাপ্ত।

Share

কৰদৈগুৰিত ফেঁচা-মানুহৰ সংঘাত-ফেঁচাৰ সন্ত্ৰাসত চাৰিজন লোক আঘাতপ্ৰাপ্ত।
তিনিচুকীয়া জিলাৰ বাঘজান আৰক্ষী থানাৰ অন্তৰ্গত ১ নং কৰদৈগুৰি গাঁৱত এক অভূতপূৰ্ব ঘটনা সংঘটিত হৈছে। অঞ্চলবাসীৰ বাবে অত্যন্ত চিন্তাৰ বিষয় হ’ল এই এলেকাৰ কুৰুলী ফেঁচা যাৰ ইংৰাজী নাম: Asian Barred Owlet। উল্লেখযোগ্য যে তিনিচুকীয়া জিলাত এই প্ৰজাতিৰ ফেচাঁই মানুহৰ মাজত সন্ত্ৰাসৰ সৃষ্টি কৰিছে। যোৱা দেওবাৰে তিনিচুকীয়া জিলাৰ যুৱকৰ্মী তথা ট্যুৰিষ্ট গাইড পাপুল গগৈয়ে ঘটনাস্থলীত উপস্থিত হৈ দৰ্শন কৰে আৰু গম পায় যে কুৰুলী ফেঁচা আৰু স্থানীয় লোকৰ মাজত সংঘাতৰ সৃষ্টি হয়।

এই ফেঁচাই ১ নং কৰদৈগুৰিৰ সুৰেন্দ্ৰ খাটোৱাল নামৰ ব্যক্তিজনৰ বাৰীত বাহ সাজি আশ্ৰয় লৈ আছিল। বাৰীৰ কাম কৰি থকাত সুৰেন্দ্ৰ খাটোৱালক হঠাতে কুৰুলী ফেচাঁই আক্ৰমণ কৰি আঘাতপ্ৰাপ্ত কৰে। জানিব পৰা মতে ইতিমধ্যে গৃহস্থ সুৰেন্দ্ৰৰ লগতে দাঁতি-কাষৰীয়া বিজ্ঞান্ত মৰাণ, মঞ্জুলা খাটোৱাল আৰু পৰাগ খাটোৱালো এই ফেঁচাৰ আক্ৰমণৰ বলি হৈছে। আটাকেইজনেই মূৰ আৰু শৰীৰত আঘাতপ্ৰাপ্ত হয়। ফেঁচাৰ এনে আক্ৰমণৰ ফলত এতিয়া অঞ্চলবাসী আতংকিত হৈ পৰিছে। সৰু সৰু ল’ৰা-ছোৱালীকো যে এই ফেঁচাই আক্ৰমণ কৰিব নোৱাৰিব সেই কথা নুই কৰিব নোৱাৰি।

পাপুল গগৈয়ে অঞ্চলবাসীক সজাগ আৰু সচেতন হ’বলৈ অনুৰোধ জনাইছে আৰু ইতিমধ্যে আক্ৰমণৰ বলি হোৱা সকলোকে ওচৰৰ চিকিৎসালয়লৈ গৈ ডাক্তৰৰ পৰামৰ্শ ল’বলৈ আহ্বান জনাইছে।

Read more

Local News