Friday, November 22, 2024

পুনৰ দালালৰ কবলত জুৰীয়াৰ এগৰাকী মহিলা।

Share


বহি : ৰাষ্ট্ৰত বিক্ৰী জুৰীয়াৰ মহিলাক। আৰবৰ পৰা ভিডিঅ কৰি সহায় ভিক্ষা মহিলা গৰাকীৰ। বহি: ৰাষ্ট্ৰ আৰবৰ ওমানত বিক্ৰী জুৰীয়াৰ শিঙাৰীৰ ৰমিছা খাতুন নামৰ মহিলা গৰাকীক । অভিযোগ মতে চাৰি মাহ পূৰ্বে জুৰীয়াৰ কছাৰিগাৱঁৰ আব্দুল বাৰেকে ফুচুলাই পলুৱাই নি ৰমিছা খাতুনক বিক্ৰী কৰি দিছিল ওমান।সম্প্ৰতি ওমানত শাৰিৰীক অসুস্হতাত ভুগি থকা ৰমিছা খাতুনে সামাজিক মাধ্যমৰ জৰিয়তে বাৰেকে বিক্ৰী কৰি দিয়াৰ কথা অৱগত কৰে পৰিয়ালক। পৰিয়ালৰলোকে বাৰেকৰ লগত যোগাযোগ কৰাত বাৰেকে ৰমিছা খাতুনত ওমানৰ পৰা আনি দিয়াৰ নামত দাবী কৰে ধন।উপায়হীন পৰিয়ালটোৱে মহিলা গৰাকীক আনি দিয়াৰ বাবে ইতিমধ্যে বাৰেকক আদায় দিয়ে ৭০,০০০ হাজাৰ টকা। ধন আদায় দিয়াৰ পিছতো মহিলা গৰাকীক আনি নিদিয়াত পৰিয়ালৰ লোকে জুৰীয়া থানাত বাৰেকৰ বিৰুদ্ধে ৰুজু কৰে গোচৰ। ওমানত আবদ্ব হৈ শাৰিৰীক অসুস্হতাত কোঙা হৈ পৰা ৰমিছা খাতুনক উদ্বাৰ কৰি আনিবৰ বাবে অনুৰুধ জনায় ।

Read more

Local News