নগাওঁ জিলাৰ জুৰীয়াত এজন যুৱকে ন্যায় বিচাৰি আবেদন কৰিলে মুখ্যমন্ত্ৰীৰ কাৰ্য্যলয়ত। প্ৰাপ্ত তথ্য মতে জুৰীয়া আৰক্ষী থানা,জুৰীয়া উন্নয়ন খণ্ড, নগাও জিলা পৰিষদৰ কাৰ্যালয়,নগাওঁ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত ন্যায় বিচাৰি আবেদন কৰিও কোনো ন্যায় নোপোৱাত মানসিক বাবে ভাগৰি পৰিছিল জুৰীয়াৰ আধাখুন্দা গাঁৱৰ যুৱক ফকৰুল ইছলাম।এনেদৰে ন্যায় বিচাৰি হাহাঁকাৰ কৰি যুৱকজনে মুখ্যমন্ত্ৰী কাৰ্য্যালয়ৰ কাষ চাপে। অবশেষত যুৱক জনলৈ আহিল এটা ভাল খবৰ।
মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা আহিল ভাল খৱৰটো।মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা নগাওঁ জিলা উপায়ুক্তক শীঘ্ৰে তদন্তৰ নিৰ্দেশ দিয়া হল।জানিব পৰা মতে ইতিমধ্যেই ফকৰুল ইছলামে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা এখন চিঠিও লাভ কৰিছে।