Friday, November 22, 2024

মহিলাৰ ৰঙা লিপষ্টিকৰ ওপৰত নিষেধাজ্ঞা ৷

Share

নাৰীৰ সৌন্দৰ্য্যৰ অন্যতম অংশ হল ৰঙা লিপষ্টিক ৷ আনহাতে অধিকাংশ নাৰীৰ দুৰ্বলতা হল ৰঙা লিপষ্টিক৷ বিভিন্ন নামী-দামী ব্ৰেণ্ডৰ বিজ্ঞাপনত অন্য ৰঙৰ সলনি ৰঙা লিপষ্টিককেই অগ্ৰাধিকাৰ দিয়া হয়৷ কিন্তু এই ৰঙা লিপষ্টিক এতিয়াৰে পৰা লগাব নোৱাৰিব উত্তৰ কোৰিয়াত । কিম জং উনে সেই দেশত নিষিদ্ধ কৰিলে ৰঙা লিপষ্টিক ৷

নিজৰ ইচ্ছানুযায়ী কৰা ফেশ্বন উত্তৰ কোৰিয়াত ব্যক্তিস্বাধীনতাৰ বিষয় হ’ব নোৱাৰে৷ ৷ সেয়েহে উত্তৰ কোৰিয়াত নিষিদ্ধ কৰা হ’ল মহিলাৰ ৰঙা লিপষ্টিক । উল্লেখযোগ্য যে মহিলাই কেনে পোছাক পিন্ধিব, কিদৰে নিজক সজাই পৰাই তুলিব সেই সন্দৰ্ভত আছে কঠোৰ নিয়ম৷এই নিয়ম উলংঘা প্ৰাপ্ত তথ্য মতে এই লিপষ্টিক বন্ধ কৰাৰ কাৰণ হৈছে সাহসীকতাৰ প্ৰতীক বুলি ৰঙা ৰংক বিশ্বাস কৰা হয়।গতিকে এই ৰঙ নাৰীৰ ওঁঠত কেতিয়াও মানি ল’ব নোৱাৰি৷ এই লিপষ্টিক বন্ধৰ কাৰণ হিচাপে তেওঁলোকে স্পষ্টভাৱে বুজাই নিদিলেও জনাইছে যে এই ৰঙে নাৰী এগৰাকীক বেছি কমনীয় কৰি তোলে যাৰবাবে এই লিপষ্টিক বন্ধ কৰা হৈছে৷ কিন্তু এই লিপষ্টিক বন্ধ কৰাৰ আঁৰত আছে অন্য কেইবাটাও কাৰণ ৷

এই লিপষ্টিক বন্ধ কৰাৰ আন এটি কাৰণ হল উত্তৰ কোৰিয়াৰ পুঁজিবাদী অধপতন আৰু নৈতিক অৱক্ষয়ক ফুটাই তোলাৰ প্ৰতিনিধি তথা প্ৰতিবাদৰ ৰং হিচাপে নাৰীসকলে এই ৰং বাচি লৈছে৷ এই প্ৰতিবাদী সত্ত্বাবোৰক বাধা দিবৰ বাবেই সেই দেশৰ ৰক্ষণশীল চৰকাৰে বন্ধ কৰিছে ৰঙা লিপষ্টিকৰ ব্যৱহাৰ৷ সেয়েহে এতিয়া উত্তৰ কোৰিয়াৰ বাটে-ঘাটে মহিলাসকলৰ মেকআপ পৰীক্ষাৰ বাবে ঘূৰিফুৰিছে প্ৰশাসনৰ দল৷ আনহাতে ওঠত ৰঙা ৰঙটোৱে মহিলাক অধিক মোহময়ী তথা কমনীয় কৰি তোল। উত্তৰ কোৰিয়াৰ প্ৰশাসনে বিশ্বাস কৰে যে জনসংখ্যা বৃদ্ধিৰ বাবে অন্যতম দায়ী হল মহিলাৰ এনে কমনীয় ৰূপ৷ সেয়ে এনে পদক্ষেপ জৰুৰী ৷

Read more

Local News